শিশু অধিকাৰ আয়োগৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি বিষয়ক কর্মশালা

Pc Vikashpedia

শিশু অধিকাৰ আয়োগৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি বিষয়ক কর্মশালা

৪ জানুৱাৰী তাৰিখ মঙ্গলবাৰে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ আৰু ইয়াৰ পটভুমি” বিষয়ত এখন কর্মশালা অনুষ্ঠিত কৰা হয়। অনলাইন মাধ্যমত অনুষ্ঠিত এই কর্মশালা খনত টেঙাখাট মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশ্ববিদ্যালয় অনুদান আয়োগৰ সদস্য ড. কিৰণ হাজৰিকাই সমল ব্যক্তি হিচাপে অংশগ্ৰহন কৰে । এই অনুস্থানটো নিজৰ ভাষনেৰে আৰম্ভ কৰে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষা ড. সুনীতা চাংকাকতিয়ে । নিজৰ বক্তব্যত তেখেতে নতুনকৈ প্ৰৱৰ্তন কৰা এই শিক্ষানীতিৰ গুৰুত্বৰ বিষয়ে কয়। অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য ফনীন্দ্ৰ বুজৰবৰুৱাই আঁত ধৰা অনুষ্ঠানটোত সমল ব্যক্তি গৰাকীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিভিন্ন দিশত আলোকপাত কৰে । লগতে অনাগত সময়ত এই শিক্ষা নীতিয়ে দেশৰ শিক্ষা ব্যৱস্থালৈ যে আমূল পৰিবৰ্তন আনিব সেই কথাও দোহাৰে। অসমৰ বিভিন্ন জিলাৰ অৰ্ধশতাধিক শিক্ষক ভার্চুৱেল মাধ্যমেৰে উপস্থিত থকা এই অনুষ্ঠানত বিভিন্নজন অংশগ্রহনকাৰীয়ে সমল ব্যক্তি গৰাকীক বিষয়টো সম্পর্কে প্রশ্নও কৰে। শিশু অধিকাৰ সুৰক্ষা আয়োগৰ তৰফৰ পৰা আগবঢ়োৱা শলাগৰ শৰাইৰে অনুষ্ঠানৰ সমাপ্তি ঘটে।