জুবিন গাৰ্গৰ বিৰুদ্ধে মাজুলী জিলা সত্র মহাসভাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

জুবিন গাৰ্গৰ বিৰুদ্ধে মাজুলী জিলা সত্র মহাসভাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে মাজুলী জিলা সত্র মহাসভাই লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শিল্পীগৰাকীক মাজুলীত সাংস্কৃতিক অনুষ্ঠানলৈ নিমন্ত্রণ দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে জিলা সত্ৰ মহাসভাই। মাজুলী জিলা সত্ৰ মহাসভাৰ সভাপতি নতুন কমলাবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ সত্যজিৎ মহন্তৰ সভাপতিত্বত অনুস্থিত হৈছিল এই সভা।  মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সংস্কৃত টোলত  অনুষ্ঠিত হৈছিল মাজুলী সত্ৰ মহাসভাৰ এই গুৰুত্বপূৰ্ণ সভা। সভাত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। এইসভাতে মাজুলীৰ পৰা শিল্পীগৰাকীক প্ৰদান কৰা “সংগীত সিন্ধু” উপাধি জুবিন গাৰ্গক নিজে আহি ঘূৰাই দিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে । এই সমগ্ৰ বিষয় জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্রীক অৱগত কৰাৰ সিদ্ধান্তও সত্ৰ মহাসভাই গ্ৰহণ কৰে।আনহাতে মাজুলী জিলা সত্ৰ মহাসভাই ৰাজহুৱা কৰা এক জাননীত উল্লেখ কৰে যে অহা ২৯ এপ্রিলত পূব মাজুলীত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আছে। উক্ত দিনা অনুষ্ঠান পৰিৱেশন কৰিলে যিকোনো অপ্রীতিকৰ পৰিৱেশৰ বাবে আয়োজক সমিতি তথা প্রশাসন জগৰীয়া হ’ব বুলি উল্লেখ কৰে।