ৰাধা গোবিন্দ বৰুবা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ- ছাত্ৰীৰ সন্মিলন

ৰাধা গোবিন্দ বৰুবা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ- ছাত্ৰীৰ সন্মিলন

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ফটাশিল-আমবাৰীস্থিত ৰাধা গোৱিন্দ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ উদ্যোগত অহা ২৮ এপ্ৰিলত সমাৰোহ শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।ৰাতিপুৱা ১০ বজাত প্রাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ পতাকা উত্তোলন কৰিব সভাপতি সুশান্ত দেৱ চৌধুৰীয়ে।শ্বহীদ তৰ্পণ কৰিব সম্পাদক সমীৰ ৰয়ে।১০’৩০ বজাত প্রাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীয়ে মহাবিদ্যালয়ৰ প্ৰাংগনত নিৰ্মান কৰা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰিব মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰাণজিত নাথে।১১ বজাত মুকলি সভা অনুষ্ঠিত হ’ব।মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা,মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰাণজিত নাথ,বিশিষ্ট সুৰকাৰ,কণ্ঠশিল্পী ডা° অঞ্জন জ্যোতি চৌধুৰী, বিশিষ্ট সাহিত্যিক কপিল ঠাকুৰ,সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্য, দেউৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ/ছাত্ৰী সন্মিলনীৰ সভাপতি জিতু বৰগোঁহাই,প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ/ছাত্ৰী সন্মিলনীৰ সভাপতি ধ্ৰুৱ জ্যোতি মড়ল।মুকলি সভাৰ পিছতেই প্ৰাক্তন ছাত্ৰ/ছাত্ৰীৰ অন্তৰংগ অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।উক্ত অনুষ্ঠানত সকলো প্ৰাক্তন ছাত্ৰ/ছাত্ৰীক সন্মিলনীৰ সভাপতি সুশান্ত দেৱ চৌধুৰী আৰু সম্পাদক সমীৰ ৰয়ে উপস্হিত থাকিবলৈ অনুৰোধ জনাইছে৷