অসম গণ পৰিষদৰ যোগদান কাৰ্যসূচী

অসম গণ পৰিষদৰ যোগদান কাৰ্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু সাধাৰণ সম্পাদক মনোজ শইকীয়াৰ উপস্থিতিত এলানি যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।কামৰূপ গ্ৰাম্য জিলাৰ হাজোৰ পৰা অসম জাতীয় পৰিষদৰ প্ৰায় ১৯ জনীয়া এটি দলে আহি অসম গণ পৰিষদ দলত যোগদান কৰে। অসম জাতীয় পৰিষদ দলৰ কামৰূপ গ্ৰাম্য জিলাৰ আহ্বায়ক জাহানাৰা য়াচমিন৷অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় মহিলা শক্তিৰ উপ সভানেত্ৰী পুটুলি মহন্ত কলিতা, এই একে মহিলা শক্তিৰ সম্পাদিকা নুৰিয়া বেগম, সদস্যা নমিতা ডেকাকে আদি কৰি ১৫ গৰাকী মহিলা আৰু ৪ গৰাকী পুৰুষে অসম গণ পৰিষদ দলৰ প্ৰাথমিক সদস্য পদত যোগদান কৰে।