আইতাৰ সাধু- চম্পক বেজবৰুৱা

p.c Istock

আইতাৰ সাধু

চম্পক বেজবৰুৱা
নলবাৰী (অসম)
ফোনঃ৭০৯৯৭-৯৬২৯৪

জোনোৱালী গধূলি
আগচোতালত ঢাৰি পাৰি ,
আইতাৰ সাধু শুনি
আমি বহোঁ শাৰী শাৰী ।

আইতাৰ সাধুকথাত
সৰগ নামি আহে ,
আমাৰ অকণি মনটি
তৰাৰ দেশলৈ উৰা মাৰে ।

আইতাই তামোল খায়
হাঁহি হাঁহি কয় ,
ʼʼ যদি তহঁতে ভালকৈ পঢ়া – শুনা কৰ ;
তেন্তে সাধুকথাৰ পৃথিৱীত
নিতৌ লৈ যাম মই ʼʼ

আইতাৰ সাধুত
নাজানোঁ আছে কি যাদু !
আইতাই সাধু ক’লে
আনন্দত বিভোৰ হওঁ
আৰু কেতিয়া টোপনি আহে
গমকে নাপাওঁ ।