শিশুৰ আগ্ৰহ, মনোযোগ, অভ্যাস, যোগ্যতা-কৌশল্যা বৰা

Pc Intermountain Healthcare

শিশুৰ আগ্ৰহ, মনোযোগ, অভ্যাস, যোগ্যতা

সমাজৰ যোগ্য ব্যক্তি সকলেই মানুহৰ সমাজ খন সুন্দৰ আৰু সুখকৰ কৰি ৰাখে। আনহাতে অযোগ্যজনে মানুহৰ সমাজৰ সুখ-শান্তি বিনষ্ট কৰে। অপ্ৰিয় হ’লেও এটা কথা সত্য যে বৰ্তমান সমাজত প্ৰকৃত মানুহৰ সংখ্যা কমি আহিছে। দৈনন্দিন ঘটি থকা অমানৱীয় ঘটনাবোৰে এনেদৰে ভাবিবলৈ বাধ্য কৰিছে। সচেতন সকলে দ’কৈ চিন্তা কৰিবৰ হ’ল। সাম্প্ৰতিক প্ৰৱল ভূমিকম্পৰ দৰে জোকাৰি যোৱা সমাজত ঘটি থকা কিছুমান ঘটনাৰ বাবে শৈশৱৰ পৰা ল’ৰা-ছোৱালীৰ গঢ় লোৱা বদ্ অভ্যাসেই তেনেবোৰ ঘটনাৰ একমাত্ৰ কাৰণ। বিশেষকৈ এতিয়াৰ শিশুসকলক ভৱিষ্যতৰ সমাজৰ বাবে একো একোজন উপযুক্ত নাগৰিক ৰূপে গঢ়ি তুলিবই লাগিব। হয়, সকলো লোকেই নিজৰ সন্তানক ভৱিষ্যৎ যোগ্য ব্যক্তি ৰূপে গঢ়িবলৈ অহৰ্নিশে চিন্তা কৰে।পঢ়া-শুনা,খোৱা-বোৱাৰ কাৰণে অহোপুৰুষাৰ্থ কৰে। তাৰ মাজতো কিন্তু কেতিয়াবা ভবামতে হৈ নুঠেগৈ। কৰবাত কিবা যেন ক্ৰটি ৰৈ যায়।এটি শিশুক সজ- শিক্ষাৰে শিক্ষিত কৰি আগবঢ়াই নিবলৈ আমি পূৰ্ববাল্যকালীন বয়সৰ পৰাই যত্ন কৰিব লাগিব। ধৰিলওক,শিশুটিৰ শৰীৰটো নিৰোগী কৰি ৰাখিবলৈ শিশুটিক খাদ্যৰ লগতে প্ৰয়োজন অনুশৰি ঔষধ-পাতি খুৱাব লাগে।বহুত ল’ৰা-ছোৱালীয়ে ঔষধ খাবলৈ আগ্ৰহ প্ৰকাশ নকৰে।তেতিয়া আমি এনে কিছু উপায় উইলিয়াও যে ঔষধৰ প্ৰতি শিশুটি আগ্ৰহী হয়গৈ। বিভিন্ন উদাহৰণ দিও, ঔষধৰ উপকাৰিতাৰ বিষয়ে বিভিন্ন কথা কওঁ, ঔষধ নাখালে পাছত কি হ’ব পাৰে সেই বিষয়ে বিভিন্ন উদাহৰণ দি তাক ভয় খুৱাওহঁক। যাৰ ফলত শিশুটিয়ে ঔষধ খাবলৈ মান্তি হয়গৈ। এইটো এটা সৰু উদাহৰণ হে। আচলতে শিশুক ভাল যিকোনো কথা শিকাবৰ কাৰণে চিধাই ‘এইটো কৰা ‘-বুলি ক’লে কেতিয়াও নকৰে।লিখা-পঢ়াই হওক নতুন অন্য সজ আচৰণ শিকাবৰ কাৰণেই শিশুৰ প্ৰথমে ভিতৰৰ মনটো পঢ়িব লাগিব। তাৰ পাছত লাহে লাহে তাৰ কামটোৰ প্ৰতি আগ্ৰহ, মনোযোগ,সৃষ্টি কৰি সেই কামটোৰ অভ্যাস কৰাব লাগিব।আগ্ৰহ,মনোযোগ আৰু অভ্যাসৰ ফলশ্ৰুতি হ’ল যোগ্যতা। সকলো অভিভাৱকৰে এটাই চিন্তা যে নিজৰ শিশুটিক কিদৰে ভাল শিক্ষাৰে শিক্ষিত কৰি সমাজত সন্মানীয় ব্যক্তিৰূপে গঢ়ি তুলিম। এইখিনি আশা পূৰণ কৰিবলৈ পূৰ্ববাল্যকালীন সময়ৰ পৰাই শিশু এটিৰ মানসিক জগতখনক সজাই তুলিব লগীয়া হয়। এটা বিষয়ৰ প্ৰতি আগ্ৰহ জন্মোৱা, সেই বিষয়লৈ মনোযোগ আকর্ষণ কৰা, তাক লাহে লাহে অভ্যাস কৰোঁৱা আৰু শেষত সেই অভ্যাসৰ দ্বাৰাই শিশুটিয়ে ভৱিষ্যত দক্ষতা অৰ্জন কৰিব পৰা হোৱা। এই চক্ৰটো সম্পূর্ণ কৰাটোৱেই জটিল প্ৰক্ৰিয়া। কিয়নো সকলো শিশুৰে আগ্ৰহ বেলেগ বেলেগ হয়, সিহঁতৰ মনৰ ভিতৰৰ অনুভূতিবোৰ বেলেগ হয়। সেয়ে শিশুৰ আভ্যন্তৰীণ ক্ষমতাসমূহ বাচি উলিয়াই ভাল ক্ষমতাবোৰৰ প্ৰতি প্ৰথমে আগ্ৰহ বঢ়াব পাৰিব লাগিব। আগ্ৰহ বঢ়াবলৈ শিশুৰ কাৰণে প্ৰয়োজন এক সুন্দৰ ঘৰুৱা পৰিৱেশৰ। ঘৰুৱা পৰিৱেশ বুলিলে অৰ্থ- নৈতিকভাবে সবল, সা-সুবিধাৰে পৰিপূৰ্ণ, ভোগ বিলাস সৰ্বচ্চ এখন ঘৰক নুবুজাই। এখন ঘৰ,য’ত প্ৰতি সদস্যই আন্তৰিক শান্তি, মিলাপ্ৰীতিৰে সৰগীয় সুখত দিন পাৰ কৰিব পাৰে, উন্নতিত আনন্দ আৰু ভুল-দোষক মুকলিকৈ বঢ়াই-বুজাই শুধৰাব পাৰে, যিখন ঘৰৰ পৰিয়ালৰ সদস্যৰ মাজত সংস্কাৰী মনোভাব বিৰাজিত, তেনে এখন ঘৰেই পূৰ্ববাল্যকালীন এটি শিশুৰ বাবে উপযুক্ত। কেৱল কিতাপৰ জ্ঞানে শিশুক ভৱিষ্যতে প্ৰকৃত মানুহ কৰি গঢ়ি নোতোলে।পূৰ্ববাল্যকালীন সময়ত শিশুটি কোনটো বিষয়ৰ প্ৰতি আগ্ৰহী সেইটো জানি লৈ তাৰ প্ৰতি মনোনিৱেশ কৰিবলৈ পিতৃ-মাতৃয়ে উৎসাহ যোগাব লাগে। কথা হ’ল, আগ্ৰহ আৰু মনোযোগৰ ওচৰা-ওচৰি সম্পৰ্ক। আগ্ৰহৰ অবিহনে মনোযোগ নাবাঢ়ে আকৌ মনোযোগ ন’হলে কোনো কথা বা বিষয় শিকোৱা সম্ভৱ নহয়। শিকাব নোৱাৰিলে যোগ্যতা অৰ্জন নহয়। গতিকে শিশুক ভাল কথাবোৰৰ প্ৰতি আগ্ৰহী কৰিবলৈ সিহঁতে ভাল পোৱা ধৰণে আদৰ, মৰম, যত্নেৰে প্ৰয়োজন অনুশৰি শাসনেৰে যত্ন কৰিব লাগে। এইখিনিতে উল্লেখ কৰিব লগা যে শাসন মানেই মাৰ-কিল, গালি-শপনিক নুবুজায়।এটা কাম পুনৰাবৃত্তি কৰাকে অভ্যাস বোলা হয়। ধৰিলওক শিশুটিয়ে আখৰ লিখিবলৈ আগ্রহ প্ৰকাশ কৰিলে। আপুনি সুন্দৰ পৰিৱেশ সৃষ্টি কৰি তাৰ মনোযোগ বঢ়ালে। কিন্তু, এতিয়া প্ৰয়োজন হ’ব অভ্যাস কৰোৱাৰ। অভ্যাসৰ অবিহনে শিশুটিয়ে আখৰ লিখা কামত নিপুণতা লাভ কৰিব নোৱাৰিব, আৰু খৰকৈ লিখিব নোৱাৰিব। সৰুতেই শিশুৱে যিবোৰ কামৰ অভ্যাস কৰে সেইবোৰৰ প্ৰভাৱ গোটেই জীৱন জুৰি থাকে। শৈশৱ কালেই অভ্যাস গঠনৰ আচল সময়। কেৱল আখৰ লিখা বুলিয়েই নহয়, শিশুৰ সু-অভ্যাসবোৰ সৰুৰে পৰা অনুশীলন কৰিবলৈ পিতৃ-মাতৃ যত্নপৰ হ’ব লাগে যাতে সময়ত গৈ ল’ৰা-ছোৱালীৰ বদ্ অভ্যাসৰ বাবে এখন সমাজে হাহাকাৰ কৰিব লগা নহয়। শিশুৰ সজ অভ্যাস অনুশীলনৰ বাবে পিতৃ-মাতৃয়ে কোনো অজুহাত দেখুওৱা উচিত নহয়। কৰ্মৰত পিতৃ- মাতৃয়ে যিখিনি সময় পাই সেইখিনি সময় কেৱল শিশুটিৰ বাবেই ত্যাগ কৰিব লাগিব।নিয়মানুবর্তিতা, নিষ্ঠাবান, সত্যবাদিতা, কৰ্তব্য পৰায়ণতা আদি সু-অভ্যাসবোৰ আহৰণৰ বিষয়ে অনবৰতে কৈ থাকিব লাগিব। জোখতকৈ অধিক মৰম কৰা সন্তানে অভ্যাস অনুশীলন কৰিবলৈ মন নকৰিব। সন্তান এটি সজৰূপে গঢ়িবলৈ নিজৰ ব্যক্তিগত জীৱনৰ সু-অভ্যাসবোৰও ক’ব লাগে।সময়ানুৱৰ্তী হোৱাটো আটাইতকৈ প্ৰয়োজনীয় গুণ। ৰাতি সোনকালে শোৱা, পুৱা সোনকালে উঠা, সময়ত আহাৰ খোৱা, গা -ধোৱা,দৈনিক ঘৰুৱা ৰুটিন মতে কাম কৰাৰ অভ্যাসে শিশু এটিক মানৱ-সম্পদৰ শাৰীলৈ গৈ থকা বাটত প্ৰধান সহায়ক হয়। তাৰোপৰি আপোনাৰ শিশুটিৰ মনোজগতখনৰ প্ৰতিমূহূৰ্তৰ খবৰ ৰখাৰ দায়িত্বও আপোনাৰ। শিশুটিৰ চাল-চলন, কথা-বতৰাত তাৰ মনটো প্ৰতিফলিত হৈ থাকিব। গতিকে পিতৃ-মাতৃ বা অভিভাৱক সকলে অতি ওচৰৰ পৰা শিশুৰ মনটো পঢ়ি তাক ভালৰ দিশত আগবঢ়াই নিব লাগিব। ভাল কাম ভাল আচৰণৰ অভ্যাস কৰাবলৈ আমি আমাৰ সন্তানৰ যিমান কম দূৰত্বত অৱস্থান কৰি লও, শিশু কিশোৰৰ বেয়া কামৰ পৰা আঁতৰাবলৈ আমি তাতকৈ বেছি ওচৰৰ পৰা চকু দিব লাগিব। কৈশোৰকালীন এটি সন্তানৰ পৰা তাৰ মাতৃগৰাকী ইমান নিৰ্দ্দিষ্ট দূৰত অৱস্থান কৰিব নালাগে যে সি তাৰ বেয়া অভ্যাস বোৰক মাক-দেউতাকৰ চকুত ধূলি দি ঢাকি ৰাখিব পাৰে।আগ্ৰহ প্ৰবৃত্তিগত। তাতে বেয়া কামৰ প্ৰতি আগ্ৰহ স্বাভাৱিকভাবে সহজে হয়। সেইবোৰক কোনেও যত্নৰে অনুশীলন কৰাব নালাগে। আজি-কালি শিশুৰ অপকাৰী নানান খোৱা বস্তু,দৃশ্যাৱলী সহজলভ্য।বাল্যকালীন শিশুৱে বহুত বেছিকৈ আত্মগোপন কৰিব নোৱাৰে। গতিকে নিজৰ সন্তানটিৰ মন পঢ়ি তাক শাসন কৰক, মৰম কৰক, উৎসাহিত কৰক। প্ৰয়োজন হ’লে বেয়া আগ্ৰহক অলপ কঠোৰ হৈ আঁতৰাওক।ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত ভাল দিশ সমূহৰ প্ৰথমে আগ্রহ, তাৰ পাছত মনোযোগ, লাহে লাহে অভ্যাস কৰাৰ পাছত স্বাভাৱিকতে আহি পৰে দক্ষতা।ই এটা অতি সুক্ষ্ম আৰু সাৱধান প্ৰক্ৰিয়া। সাধাৰণতে আমি সকলোৱেই কিছুমান নিৰ্দিষ্ট বিষয়তে সকলো ল’ৰা-ছোৱালীৰ যোগ্যতা বিচাৰোঁ। সকলো ল’ৰা-ছোৱালী ডাক্তৰ বা ইঞ্জিনিয়াৰ বা প্ৰৱক্তা হওক। এইটো এটা ভুল আকাঙ্ক্ষা। আমি অভিভাৱকসকলে নিজৰ উচ্চাকাঙ্খা  সন্তানৰ ওপৰত জাপি দি সদায় সমাজে জটিল বুলি ভবা বিষয়টোত যোগ্যতা অৰ্জন কৰাৰ আশা কৰি বহুত সন্তানৰ মূৰত বলে নোৱাৰা শিল জাপি দি সিহঁতক উপায়বিহীন কৰোঁ। আনকি এনে অভিভাৱক লগ পাইছো যি তেওঁৰ ল’ৰাটো বা ছোৱালীজনীয়ে আনে উজু বুলি ভবা বিষয় (অসমীয়া, ৰাজনীতি বিজ্ঞান, বুৰঞ্জী আদি) মেজৰ লৈ পঢ়িছে বুলি ক’বলৈ বেয়া পায়। তেনে মনোভাবে ল’ৰা-ছোৱালীক দোমোজাত পেলাই।হীন-মন্যতাত ভোগাই। বিশেষ দক্ষতা অৰ্জন কৰিলে পৃথিৱীত সকলো ভাল কাম, ভাল বিষয়ৰে সমান আদৰ আৰু সন্মান আছে। কিয়নো যোগ্যতা যিহেতু সকলো মানুহৰে একে নহয় সেয়ে যি যিটো বিষয়ত অধিক মনোযোগ দিয়ে তাক সেই বিষয়কে লাগি থাকিবলৈ দিব লাগে। যিকোনো কামত লাগি থাকিলে ধৈর্য বাঢ়ে।মনলৈ অদৰকাৰী ভাব-চিন্তা নাহে। এটা কামত ধৈর্য থকাজনে আন কামতো মন দিব পাৰে । কেতিয়াবা দেখা যায়, ছবি আঁকি খুউব ভালপোৱা শিশুটোৱে আন বিষয়তো গভীৰভাৱে মনোনিবেশ কৰিব পৰা হয়গৈ। সেয়ে বেছি সময় ছৱি আঁকি থকা শিশুটিক কেতিয়াও ক’ব নালাগে,– ‘এইটোৱে অনবৰতে আঁকি-বাঁকি জানো কি কৰিবগৈ’। অনুশীলন কৰাৰ অভ্যাস মহত্তম গুণ। যি মানুহক মহৎ কৰে। সমাজখনক সুন্দৰ আৰু সুখকৰ কৰি ৰাখিবলৈ আমাক নিষ্ঠাবান, ধৈর্যশীল, সৎ ন্যায়-নীতি পৰায়ণ এজাক শিশু লাগে। এইজাক শিশু গঢ়োঁতে অভিভাৱকৰ যদি কষ্টও হয় তেনে কষ্টও আমাৰ বাবে অতি প্ৰয়োজনীয়। নৱ-বৰ্ষ সমাগত। বছৰ আহিছে গৈছে। বোল-বচন নোহোৱাকৈয়ে আমাৰ মূৰৰ ওপৰেদি পাৰ হৈ গৈ থাকিব বছৰ। বিশ, একৈশে পৃথিৱীবাসীক দুখ-কষ্ট দিলেও শিকিবলগীয়াও দিলে বহুত। জটিল পৃথিৱীখনত বৰ্তি থাকিব পৰাকৈ আমাৰ উত্তৰপুৰুষক উপযুক্ত কৰি গঢ়ি তুলিবলৈ নৱ-বৰ্ষৰ প্ৰাক্-ক্ষণতে আমি সংকল্পবদ্ধ হওঁ। দুহেজাৰ বাইশ এ সকলোলৈকে সুখ-সমৃদ্ধি, শান্তিৰ বতৰা কঢ়িয়াই আনক।

কৌশল্যা বৰা
দেৰগাঁও