শিক্ষা দান আৰু শিক্ষা গ্ৰহণ এক বেপাৰ হৈ পৰিছে- চন্দ্ৰ শেখৰ পৰাজুলী

শিক্ষা দান আৰু শিক্ষা গ্ৰহণ এক বেপাৰ হৈ পৰিছে

     শিক্ষা ওপৰত আলোচনা কৰাৰ আগতে শিক্ষাৰ প্ৰকৃত সংজ্ঞা আমি সকলোৱে জানি লোৱা উচিত নহয়নে ? চাওঁক সহজ অৰ্থাৎ কবলৈ হ’লে এজন ব্যক্তিৰ মন, চৰিত্ৰ বা শাৰীৰিক ক্ষমতালৈ গঠনমূলক অৱদান আগবঢ়োৱা যিকোনো ধৰণৰ কাৰ্য্য বা অভিজ্ঞতাকে বিস্তৃত অৰ্থত শিক্ষা বোলা হয় । শিক্ষাৰ পৰিসৰ কেৱল স্কুলীয়া পৰিবেশৰ মাজেদি‌ শিক্ষা দান বা শিক্ষা গ্ৰহণৰ জৰিয়তে আহৰণ কৰা জ্ঞান সমূহৰ মাজতে সীমাবদ্ধ নহয় । শিক্ষাৰ পৰিসৰ বহুত বহল নহয়নে ? । তথাপিও আজিৰ সময়ত এজন ব্যক্তিৰ মন, চৰিত্ৰ বা শাৰিৰীক ক্ষমতা বৃদ্ধি কৰিবলৈ নিদিষ্ট ঠাই এখনৰ জৰিয়তে জ্ঞান প্ৰদানৰ ব্যবস্থা আছে আৰু এনেধৰ ব্যবস্থা সমূহকে অতীততে গুৰুকূল বা টোলৰ আখ্যা দিয়া হৈছিল। গতিকে গহীনভাবে বিশ্লেষণ কৰিলে আমি গম পাওঁ শিক্ষা প্ৰদান বাবে আজিৰ দৰে অতীততেওঁ প্ৰায় একেধৰণৰ ব্যৱস্থা আছিল। বিশেষ পাৰ্থক্য মাথো ইমানে যে তেতিয়াৰ শিক্ষা ব্যৱস্থা নিকা বা শুদ্ধ আছিল আৰু আজিকালি শিক্ষা ব্যৱস্থা কেনেকুৱা সকলোৱে নিজে নিজে অনুভৱ কৰিবলৈ সক্ষম। আজিৰ তাৰিখত মোক ক’বলৈ বৰ বেয়া লাগিছে যদিও কবলৈ বাধ্য হৈছোঁ,শিক্ষা দান আৰু শিক্ষা গ্ৰহণ এক বেপাৰ হৈ পৰিছে। শুনিবলৈ হয়তো সকলোকে বৰ বেয়া পাইছে তথাপিও প্ৰকৃত সত্য আপোনালোকৰ আগত অবগত কৰাবলৈ মোৰ হয়তো কোনো  দৰকাৰে নাই। কাৰণ আজিকালি সচৰাচৰ ব্যক্তিগত বিদ্যালয়, মহাবিদ্যালয় আনকি বিশ্ববিদ্যালয় সমূহো টকা উপাৰ্জন বা টকা ঘটাৰ এক উত্তম মাধ্যম। বিদ্যালয়ৰ মানদণ্ড উন্নত ৰখা হয় বিদ্যাৰ্থী বাবে নহয় কেৱলমাত্ৰ টকা আহৰণ বাবে নহয়নে?। নহ’লে আপুনি যদি বিদ্যাৰ্থী উপযোগী শিক্ষা প্ৰদান কৰে তেন্তে আপুনি আপোনাৰ অনুষ্ঠান, প্ৰতিষ্ঠানৰ প্ৰচাৰ চলোৱাৰ কোনো প্ৰয়োজনে নাথাকিব । আজিকালি এজন শিশুৰ জন্ম গ্ৰহণৰ লগে লগে নিজ‌ নিজ ব্যক্তিগত বিশ্ববিদ্যালয়ৰ মুৰব্বীজনে ঘৰতে আহি টানা-আজোৰা কৰে আপোনাৰ শিশুটিৰ নামভৰ্তিকৰণৰ বাবে। ইয়াৰ উপৰিও লক্ষ্য লক্ষ্য টকাৰ বিনিময় আজিৰ সময়ত বিশেষকৈ ব্যক্তিগত মহাবিদ্যালয়, বিশ্ববিদ্যালয় সমূহে আপোনাক বা আপোনাৰ সন্তানক ডাঙৰ,ডাঙৰ ডিগ্ৰী প্ৰদানৰ বাবে সদায়ে নিমন্ত্ৰণ কৰি থকা আমি সকলোৱে দেখি আহিছোঁ‌ । এতিয়াৰা এই পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি আমিওঁ হয়তো সকলোৱে আজি এনেধৰণৰ পৰিস্থিতিৰ ওপৰতে নতমস্তক নহয়নে ?। আজিকালি শিক্ষাৰ সংজ্ঞা হয়তো বহুতো সলনি হবলৈ ধৰিছে। আজিকালি শিক্ষা দান আৰু শিক্ষা গ্ৰহণ মানে মানুহ ব্যক্তিত্ব নিৰ্মাণ নহয় বৰঞ্চ আজিকালিৰ শিক্ষা মানে একমাত্ৰ ব্যক্তিগত সম্পত্তিৰ নিৰ্মাণৰ অৰ্থে কৰা ভয়াবহ প্ৰতিযোগিতাৰ এক মাধ্যম। জাৰ ভবিষ্যত কেৱল চৌদিশে অন্ধকাৰ,মাথু আৰু অধিক অন্ধকাৰ। সকলো চিন্তা-চৰ্চা কেৱল চৰকাৰৰ ওপৰত জাপি দিয়াতকৈ আমি দেশৰ  সৰ্বসাধাৰণৰ লোকে একলগ হৈ বহলাই আলোচনাত বহাৰ সময় আহি পৰিছে। নহয়ে ‘চুৰ গ’লে বুদ্ধি আৰু বৰষুণ গ’লে জাপী’ কোনো কামতেই নাহিব।            

চন্দ্ৰ শেখৰ পৰাজুলী
       বিশ্বনাথ চাৰিআলি, অসম