শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিক শুভাৰম্ভ কৰিলে ১০০ দিনীয়া পঠন অভিযান

P.c The Janambhumi

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিক শুভাৰম্ভ কৰিলে ১০০ দিনীয়া পঠন অভিযান

দিছপুৰ, ৪ জানুৱাৰীঃ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি দিছপুৰস্থিত ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত এক সভাত ১০০ দিনীয়া পঠন অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। আজি পুৱাৰ ভাগত বিদ্যালয়খনত অনুষ্ঠিত এখন সভাত মন্ত্ৰীগৰাকীয়ে ভাøণ প্ৰসংগত কয় যে জ্ঞান আহৰণৰ বাবে পঢ়া, লিখা, কোৱা আৰু শুনা এই চাৰিটা উপাদানৰ অতি প্ৰয়োজন। পঠন অভিযান ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশি্য আৰম্ভ কৰা হৈছে যদিও এই কাৰ্যৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীগৰাকীয়ে সৰ্বত্ৰ জনসাধাৰণে ইয়াত সহযোগ কৰাত আহ্বান জনাইছে। লগতে তেখেতে অসমৰ সাহিত্য সভাসমূহকো এই পঠন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে এই অভিযানৰ জৰিয়তে সমাজত কিতাপ পঢ়াৰ এক অভ্যাস গঢ়ি তুলিব পৰা যাব।
অন্যহাতেদি আজিৰ সভাত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননী গোপাল মহন্তই ম’বাইল ফোনৰ প্ৰভাৱত কিতাপ পঢ়াৰ অভ্যাস ক্ৰমাগতেভাৱে হ্ৰাস হোৱাত উদ্বেগ প্ৰকাশ কৰাৰ সমান্তৰালভাৱে এই পঠন অভিযানৰ দ্বাৰা অনাগত দিনত কিতাপৰ লগত এক আত্মিক সম্পৰ্ক গঢ়ি তুলিব পৰা যাব বুলি আশা প্ৰকাশ কৰে।
ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত এই পঠন অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভৰ আদৰণী ভাষণ আগবঢ়ায় সমগ্ৰ শিক্ষা অভিযান মিছন সঞ্চালিকা ৰ¿শ্ন অপাৰঞ্জি কৰাটিয়ে।
অনুষ্ঠানত অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ বিশেষ আয়ুক্ত প্ৰীতম শইকীয়া, ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালিকা ড০ নিৰদা দেৱী, অসম সৰ্ব শিক্ষা অভিযান মিছনৰ কাৰ্যবাহী সঞ্চালক ধ্ৰুৱজ্যোতি দাস, প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালিকা ড০ বিজয়া চৌধুৰীকে আদি কৰি শিক্ষা বিভাগৰ কেইবাজনো উচ্চ পদস্থ বিষয়া উপস্থিত আছিল।