লাহৰীজানত ভয়ংকৰ অগ্নিকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা-  লাহৰিজানত ভয়ংকৰ অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাই মুহূৰ্তৰ ভিতৰতে ছানি ধৰে এক বৃহৎ অঞ্চল। অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেকৈ ঘটিল সেয়া জানিব পৰা হোৱা নাই। বোকাজানৰ লগতে ডিমাপুৰৰ পৰা অহা ৪খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। এই অগ্নিকাণ্ডৰ ফলত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান, প্ৰায় ২০০ৰো অধিক বাসগৃহ আৰু কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। ঘটনাস্থলীত খটখটী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাইছে।