লালা লাজপত ৰায়- মঞ্জুষা শৰ্মা

p.c. Newsroompost

লালা লাজপত ৰায়

১৮৬৫ চনৰ ২৮ জানুৱাৰী দিনা মুঞ্চী ৰাধা কৃষণ আজাদ আৰু মাতৃ গোলাব দেবীৰ ঔৰসত পঞ্জাৱৰ লুধিয়ানা জিলাৰ জাগৰাওত লালা লাজপত ৰায়ৰ জন্ম হৈছিল | পিতৃ লুধিয়ানা জিলাৰ এখন উৰ্দু আৰু পাৰ্চী চৰকাৰী বিদ্যালয়ৰ শিক্ষক আছিল | তাতে তেখেতৰ কৈশোৰ আৰু যৌৱনৰ অধিকাংশ সময় পাৰ কৰিছিল | এতিয়াও তাৰ ঘৰত এটি পুথিভঁৰাল আৰু সংগ্ৰহালয় আছে |
তেখেত এজন লেখক , ৰাজনীতিবিদ , স্বাধীনতা সংগ্ৰামীৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছ হিন্দু মহাসভাৰ সদস্য আছিল | পঞ্জাৱ কেশৰী নামেৰেও তেখেত পৰিচিত আছিল |
১৮৭০ৰ দশকত লালা লাজপত ৰায়ৰ পিতৃ ৰেৱাৰীলৈ বদলি হয় | যিখন বিদ্যালয়ত পিতৃয়ে উৰ্দু শিক্ষক হিচাপে কাম কৰিছিল | তাতে তেখেতে প্ৰাৰম্ভিক শিক্ষাও আৰম্ভ কৰিছিল | পিতৃ – মাতৃৰ অনুপ্ৰেৰণাতে ৰায়ৰ মনত উদাৰনৈতিক দৃষ্টি ভংগী আৰু হিন্দু ধৰ্মীয় বিশ্বাস গঢ় লৈ উঠিছিল |
১৮৮০ চনত লাহোৰত থকা চৰকাৰী কলেজত আইনৰ শিক্ষা ল’বলৈ গৈছিল | তাত গৈ তেখেতে মহাত্মা হংসৰাজ আৰু পণ্ডিত গুৰু দত্তৰ সান্নিধ্যলৈ আহিছিল |
১৮৮৪ চনত লালা লাজপত ৰায়ৰ পিতৃ ৰোতটকলৈ বদলি হোৱাৰ সময়ত ৰায়ৰ শিক্ষা সমাপ্ত হোৱাৰ বাবে ৰায়ো পিতৃৰ লগত আহে | পুনৰ ১৮৮৬ চনত পিতৃ হিছাৰলৈ বদলি হোৱাত তাতে ৰায়ে আইনৰ অনুশীলন কৰিবলৈ লয় | পাছত তেখেত হিছাৰ অধিবক্তা পৰিষদৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে বিবেচিত হয় | সেই সময়তে তাত তেখেতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জিলা শাখা এটাও প্ৰতিষ্ঠা কৰে | ভাৰতৰ ৰাজনৈতিক নীতি সলনি কৰিবলৈ সংবাদ কৰ্মৰ লগত জড়িত হৈ দ্য ট্ৰিবিউনকে ধৰি একাধিক কাকতত নিয়মীয়াকৈ লিখা -মেলা কৰিবলৈ লয় | তাৰোপৰি দয়ানন্দ সৰস্বতীৰ নেতৃত্বত চলা হিন্দু সংস্কাৰকামী দ্বাৰা প্ৰভাৱাম্বিত হয় | ১৮৭৭ চনত স্থাপিত হোৱা আৰ্য সমাজৰো তেখেত সদস্য আছিল |লাহোৰত থকা আৰ্য গেজেটৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্বও চম্ভালিছিল | ১৮৮৬ চনত মহাত্মা হংসৰাজক লাহোৰত দয়ানন্দ এংলো – বৈদিক বিদ্যালয় প্ৰতিষ্ঠা কৰাত সহায় কৰে|
১৯১৪ চনত আইন সেৱা পৰিহাৰ কৰি ভাৰতীয় স্বাধীনতা আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰে |
১৯১৭ চনৰ অক্টোবৰ মাহত আমেৰিকাৰ নিউইয়ৰ্কত গৈ তাত আমেৰিকাৰ ভাৰতীয় হ’ম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিল | তাত তেওঁ ১৯১৭ চনৰ পৰা ১৯২০ চনলৈকে আছিল | তাৰ পিছত ১৯২০ চনত কলিকতাত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিশেষ অধিৱেশনত তেখেত সভাপতি হিচাপে নিৰ্বাচিত হৈছিল |
তেখেত ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভাৱে বৰঙণি আগবঢ়োৱা এজন স্বাধীনতা সংগ্ৰামী আছিল |ভাৰতৰ সংবিধান সংশোধনৰ বাবে সৰ্ব ব্ৰিটিছ সদস্যৰে গঠিত ছাইমন কমিছন ভাৰতলৈ আহোঁতে তেখেতে এক শান্তিপূৰ্ণ সমদল উলিয়াইছিল | যাৰ বাবে আৰক্ষীয়ে লাঠী চালনা কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল | আৰক্ষীৰ বেত্ৰাঘাটত শৰ্যাগত হৈ কিছু সপ্তাহৰ পিছতেই ১৯২৮চনৰ ১৭নবেম্বৰত ৬৩ বছৰ বয়সতে তেখেতৰ মৃত্যু হয় | এনে মহান ব্যক্তিক আমি তেখেতৰ জন্ম দিনটো শ্ৰদ্ধাৰে স্মৰণ কৰি নৱপ্ৰজন্মক তেখেতৰ বিষয়ে অৱগত কৰিব পাৰো |

মঞ্জুষা শৰ্মা