লগন – পাহাৰী শইকীয়া

লগন 
 পাহাৰী শইকীয়া, যোৰহাট 
বহুদিন হ’ল নন্দিনীৰ ফেচবুকটো খুলি নোচোৱাৰ। মাজে সময়ে সময় পালে তাই দুই এটা গল্প,কবিতা লিখি পেপাৰলৈ বা সাহিত্য চৰ্চাৰ গোট বোৰলৈ প্ৰেৰণ কৰে।নিজৰ আত্ম সন্তুষ্টিৰ বাবে লিখা- মেলা কৰে তাই।এটা আবেগিক সম্পৰ্ক লিখনিৰ লগত তাইৰ সৰুৰে পৰা জড়িত হৈ আছে।আজি বহুদিনৰ পিছত অকণমান সময় উলিয়াই তাই ফেচবুকটো খুলি চাব ধৰিলে।বহুতেই  ‘বন্ধুত্বৰ অনুৰোধ” পঠিয়াই থৈছে।এফালৰ পৰা তাই চাই চাই পৰা সকলৰ অনুৰোধ ৰক্ষা কৰি গ’ল।হঠাৎ তাইৰ আঙুলিটো এটা নিদিষ্ট নামত ৰৈ গ’ল… তাই আকৌ এবাৰ চালে…প্ৰফাইলটো ।ঠিকেই দেখিছে তাই।তাইৰ ভুল হোৱা নাই…।নীলাভ শইকীয়া।এসময়ৰ এটা চিনাকী নাম তাইৰ।যি এদিন তাইৰ হিঁয়াৰ আমঠু আছিল।সেইখনেই মুখ যাৰ অবিহনে তাই এটা দিনো কল্পনা কৰিব পৰা নাছিল।কিন্তু,তাইৰ হৃদয়খন আজি তাৰ পৰা বহু দূৰত…বহু নিলগত।তাইৰ ভগ্ন হৃদয়ৰ উৰুখা পঁজাত থকা নীলাভ নামটোৱে যেন আকৌ এবাৰ সাৰ পাই উঠিল।তাইৰ দুচকুৱে বিষাদৰ চকুলো বৈ আহিল।ইমান গভীৰভাৱে ভালপোৱাৰ পিছতো তাইক বাৰু নীলাভে কিয় এনেকুৱা কৰিলে।এটা সীমাহীন প্ৰশ্নৰ বুৰবুৰণি তাইৰ মনত সদায়ে থাকি গ’ল।  এদিন তাইৰ বিশ্বাসক ভংগ কৰি   সি আঁতৰি গৈছিল আনৰ ওচৰলৈ।যিদিনা তাই গম পাইছিল সেইদিনা তাইৰ হৃদয়খন খং ,অভিমানত ৰিক্ততাৰে  ভৰি পৰিছিল। কাক ক’ব কোনে শুনিব?যাৰ প্ৰতি গভীৰ আস্থা আৰু এক বুজাব নোৱাৰা শ্ৰদ্ধাত তাইৰ অন্তৰখন সঁপি দিছিল সেই ভালপোৱা ব্যক্তি গৰাকীক! সেইজনেই তাইৰ বিশ্বাসৰ লগত ইমানদিন খেল খেলি থাকিল।তাইৰ মাক-দেউতাকৰ এষাৰ কথালৈ মনত পৰি গ’ল-তোমাক আমি সকলো সিধান্ত নিজৰ মতেই ল’বলৈ দিছোঁ।কিছুমান সিধান্ত বৰ খৰতকীয়া হ’লে নিজৰেই ভৱিষ্যত অন্ধকাৰ হ’ব।সদায় ভুল -শুদ্ধৰ বিচাৰ বিবেচনা কৰিহে কোনো সিধান্তত উপনীত হ’বা মাজনী।হয় মাক- দেউতাকে ঠিকেই কৈছিল।আজি তাই সঠিক সিধান্ত লোৱাৰ সময় উপনীত হৈছেহি।আৰু এদিন মাক দেউতাকৰ এগৰাকী বাধ্য ছোৱালী হৈ তাই ডাঃ ভাৰ্গৱ বৰুৱালৈ বিয়া সোমাই আহিল।আজি তাইৰ এক সুখী দাম্পত্য জীৱন।কিন্তু নীলাভৰ বন্ধুত্বৰ অনুৰোধে তাইক আকৌ দোমোজাত পেলালে।কিয়বা আকৌ সি পঠিয়ালে।তাই জানিবলৈ বৰ উদ্‌গ্ৰীৱ হ’ল।কিন্তু তাই মনতে ভাবিলে তাৰ বিষয়ে আৰু ভাবি জানোঁ কিবা লাভ হ’ব? য’তেই থাকক কুশলে থাকক।সময়ৰ হাতত সকলো এৰি দিলে তাই।যি হয় সদায় ভালৰ বাবে হয় এইয়া তাইৰ বিশ্বাস।যাৰ লগত এদিন তাই ওৰেটো জীৱন কটাম বুলি ভাৱিছিল সেই সপোন বাস্তৱত কোনোদিনে সম্ভৱ হৈ নুঠিল।সঁচাকৈয়ে বিচিত্ৰ এই মানৱ জীৱন,বিচিত্ৰ মানুহৰ মন,বিচিত্ৰ ভালপোৱাৰ অৱগুণ্ঠিত ৰং।ন’হল যে লগন ! তোমাৰ নামত এমুঠি,  সেন্দুৰ লোৱাৰ,থাকি গ’ল বুকুতে মোৰ ক’ত আঁশা !!