ধুবুৰী এক অনন্য অভিজ্ঞতা- কৌশিক কুমাৰ

ধুবুৰী এক অনন্য অভিজ্ঞতা
ভ্ৰমণ হৈছে আনন্দ, অভিজ্ঞতা আৰু জ্ঞান প্ৰাপ্তিৰ সংমিশ্ৰণ। সাংগঠনিক আৰু সামাজিক দিশত কাৰ্য সম্পাদনা কৰা ব্যক্তিসকলে বিভিন্ন সময়ত বিভিন্ন ঠাই ভ্ৰমণ কৰিব লগা হয়। সেই ভ্ৰমণৰ সময়ত তেওঁলোকে সেই ঠাইৰ সামাজিক,ৰাজনৈতিক আৰু অৰ্থনৈতিক লগতে ঐতিহাসিক পৰিৱেশ সম্পৰ্কে যথেষ্ট খিনি কথা জনা বুজাৰ সুযোগ পায়। আমাৰো এইবেলি তেনে এক অভিজ্ঞতা প্ৰাপ্তি হয়‌। উল্লেখিত যে, এইবেলি ভাৰতীয় জনতা যুৱ মৰ্চা , অসম প্ৰদেশৰ তৃতীয়খন কাৰ্যনিবাহক সভা ধুবুৰী জিলাত অনুষ্ঠিত হয়। ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ অধ্যয়ন কোষৰ  সহ-তত্বাৱধায়ক হোৱা হেতুকে ধুবুৰীলৈ ৰাওনা হওঁ। মোৰ বাবে ধুবুৰী জিলালৈ যোৱা এই যাত্ৰা আছিল প্ৰথম। মনত ঠাই খনৰ প্ৰতি বিশেষ কৌতূহলতাও নাছিল কিন্তু ১০ মাৰ্চ, শুক্ৰবাৰে ধুবুৰীত উপস্থিত হোৱাৰ পৰা ১২ মাৰ্চ , দেওবাৰে জিলাখনৰ পৰা ৰাওঁনা হোৱা সময় খিনিয়ে মনত এক অনন্য অভিজ্ঞতা দিয়ে। জ্যেষ্ঠ জনৰ পৰা কণিষ্ঠ জনলৈ ভাৰতীয় জনতা পাৰ্টি , ধুবুৰীৰ কাৰ্যকতা সকলে কৰা কষ্টখিনিত কাৰ্যনিৰ্বাহক সভাখন প্ৰাণ পাই উঠিছিল। চহৰখনত খোজকাঢ়ি অনুভৱ হৈছিল , তাত থকা খিলঞ্জীয়া মানুহ খিনিৰ অতিথিৰ প্ৰতি থকা প্ৰচুৰ মৰম , শ্ৰদ্ধা আৰু সহায় কৰাৰ মানসিকতা । অপশক্তিৰ বিৰুদ্ধে থিয় হৈ থকাৰ বাবে ভাৰতীয় জনতা পাৰ্টি তেওঁলোকৰ আৱেগ এই কথা তাত থকা সকলোৱেই উপলব্ধি কৰিছিল। ভাৰতীয় জনতা যুৱ মৰ্চা , অসম প্ৰদেশৰ শ্ৰদ্ধাৰ সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱা দেৱৰ নেতৃত্বত অনুষ্ঠিত হোৱা এইবাৰৰ কাৰ্যনিৰ্বাহক সভাখনো আছিল উল্লেখযোগ্য। ধুবুৰী চহৰৰ পৰা প্ৰায় ৬০ কি:মি: ভিতৰৰ সত্ৰশালস্থিত শ্ৰী শ্ৰী ধাম ৰাম ৰাইকুঠী সত্ৰত এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে যুৱমৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক বিষয়ববীয়া সভাখন অনুষ্ঠিত হয়।ইয়াৰ পিছতেই যুৱ মৰ্চা অসম প্ৰদেশৰ শ্ৰদ্ধাৰ সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱা মহোদয়ৰ নেতৃত্বত যুৱ মৰ্চাৰ কাৰ্যকতা সকলে ভাৰত-বাংলাদেশ সীমান্তৰ সীমামূৰীয়া থলুৱা গাঁও সমূহত গৈ ভাৱৰ আদান প্ৰদান কৰে। ৰাজনৈতিক দৃষ্টিকোণ পৰিহাৰ কৰি সামগ্ৰিকভাৱে অথবা সামাজিক দৃষ্টিভংগীৰে চালেও এয়া আছিল এক মহৎ উদ্দেশ্য। বিভিন্ন সময়ত অপশক্তিৰ হাতত কষ্ট স্বীকাৰ কৰিবলগীয়া হোৱা থলুৱা লোক সকলৰ ওচৰত যুৱ মৰ্চাৰ কাৰ্যকতা সকলৰ এষাৰ মাত , মত বিনিময়ে তেওঁলোকৰ মনত যথেষ্ঠ উৎসাহ আৰু সাহস প্ৰদান কৰে। ইয়াৰ উপৰিও সেই অঞ্চলৰ দুগৰাকী দিব্যাংগ  ব্যক্তিৰ ঘৰলৈ গৈ তেওঁলোকক হুইল চেয়াৰ বিতৰণ কাৰ্যটোও আছিল মহান পদক্ষেপ।  ১১ মাৰ্চ ,শনিবাৰে ধুবুৰী জিলা পুথিভঁড়ালত ভাৰতীয় জনতা যুৱ মৰ্চা , অসম প্ৰদেশৰ এখন সৰ্বাং সুন্দৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সেই সভাত অংশগ্ৰহণ কৰি , মনত ধুবুৰীলৈ আকৌ অহাৰ হেঁপাহ আৰু উভতনি পথত মা মনসাৰ চৰণত প্ৰণাম জনায় ঘৰমুৱা হওঁ। ধুবুৰী যাত্ৰা আছিল জীৱনৰ এক অনন্য অভিজ্ঞতা। হস্তীৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডেৰ জনমভূমি ধুবুৰী সচাই অনন্য । ঐতিহাসিক কোচ ৰাজ্যৰ কেন্দ্ৰ স্বৰূপ ধুবুৰীত ইতিহাসৰ লগত জড়িত যথেষ্ট সমল পোৱা যায়। ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা চহৰৰ খনৰ নামটোও ‘ বেউলা – লখিন্ধৰ’ কাহিনীটোৰ লগতেই বুলি জড়িত বুলি বিশ্বাস কৰা হয়। জিলা খনৰ আছে একোটাকৈ গৌৰৱোজ্জ্বল ইতিহাস। ইতিহাস অনুসন্ধানকাৰীৰ কাৰণে চান্দৰভিঙা পাহাৰ, ৰঙামাটিৰ মজ্জিদ । তীৰ্থযাত্ৰীৰ কাৰণে মহামায়া মন্দিৰ , মহামায়া স্নানঘাট , শিখ গুৰুদ্ধাৰ , সৎশাল ইত্যাদি। তথাপিও বিভিন্ন সময়ত আমাৰ মাজত ধুবুৰী জিলা সম্পৰ্কে  মনত কিছু ভ্ৰান্ত ধাৰণা অহা পৰিলক্ষিত হয়। জনসংখ্যাৰ গাঁথনিৰ প্ৰতি লক্ষ্য ৰাখি সেই ধাৰণা অহাটো স্বাভাৱিক। কিন্তু ইয়াৰ বিপৰীতে ধুবুৰী চহৰ খনত থাকি অনুভৱ কৰিলো যে তাৰ থলুৱা মানুহখিনিয়ে আজিও অসমীয়া সমাজ খনৰ বাবে কাম কৰি আছে ,নিজৰ স্বাভিমান ৰক্ষাৰ যুজঁখনত তেওঁলোকে সৱলভাৱে নেতৃত্ব দি আছে আৱশ্যক কিছুমান অপশক্তিয়ে বিভিন্ন ভ্রান্ত ধাৰণা আৰু পৰিকল্পিতভাৱে অসমীয়া সমাজ খনক , সনাতনী সভ্যতাক , যুগান্তকাৰী ইতিহাসৰ সমল সমূহক নিঃশেষ কৰাৰ বাবে অহৰ্নিশে চেষ্টা চলাই আহিছে এই কথাও সচাঁ। ধুবুৰীত সম্ভাৱনা আৰু প্ৰত্যাহ্বান দুয়োটাই আছে , ধুবুৰীখনক আমি আমাৰ দূৰ নকৰি একত্ৰিত কৰাৰ ,বিকশিত কৰাৰ চিন্তা কৰাটো বেছি প্ৰয়োজনীয়। ইয়াৰ বাবে আমি সকলোৱে শ্ৰীমন্ত শংকৰদেৱ আৰু চুকাফাৰ বৰ অসমৰ চিন্তাৰ এনাজৰী ডাল আৰু অধিক টনকিয়াল কৰিব লাগিব। সেই চিন্তা সেই দৰ্শনৰে আগি আমি অসমৰ প্ৰতিখন জিলাৰ মাজতেই এক শক্তিশালী সম্পৰ্ক স্থাপন কৰিব লাগিব।ধুবুৰীলৈ গৈ সেই অঞ্চলৰ পৰ্যটন কেন্দ্ৰ সমূহৰ বিকাশৰ ক্ষেত্ৰত আমাৰ অৰিহণা আগবঢ়াব লাগিব। শেষত  ভাৰতীয় জনতা যুৱ মৰ্চা , অসম প্ৰদেশৰ কাৰ্যনিৰ্বাহক সভাখন ধুবুৰী চহৰত অনুষ্ঠিত কৰি যি এক নতুন বাৰ্তা প্ৰদান কৰিলে তাৰ বাবে ভাৰতীয় জনতা যুৱ মৰ্চা , অসম প্ৰদেশৰ সভাপতি মহোদয়ৰ লগতে সকলো কাৰ্যকৰ্তা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।ধুবুৰীৰ এই অনন্য অভিজ্ঞতা‌ই মোক জ্ঞানপুষ্ট কৰিলে।
 কৌশিক কুমাৰ
অধ্যয়ন কোষ সহ -তত্ত্বাৱধায়ক,
ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশ।