অসম তৃণমূল কংগ্ৰেছৰ সত্যাগ্ৰহ

অসম তৃণমূল কংগ্ৰেছৰ সত্যাগ্ৰহ

ৰঙিলী বাৰ্ত্তাসেৱা–  কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে ধৰি বিৰোধী নেতা , দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ বিৰুদ্ধে কেন্দ্ৰৰ বিজেপি চৰকাৰে কৰি অহা আক্ৰমণৰ প্ৰতিবাদত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা চৌহদত আয়োজিত সংকল্প সত্যাগ্ৰহত অসম তৃণমূল কংগ্ৰেছ দলেও অংশগ্ৰহণ কৰি মেডিয়া অধ্যক্ষ দিলীপ শৰ্মাই দলৰ হৈ বক্তব্য ৰাখো। দলৰ সাধাৰণ সম্পাদক অৰূপজ্যোতি ভূঞা , সম্পাদক ৰাজীৱ আলী , যুৱ তৃণমূল কংগ্ৰেছৰ সভাপতি বন্দীপ দত্ত , উপ-সভাপতি অসীম মল্ল বুজৰবৰুৱা , ত্ৰিদিৱ দত্ত , পৰাগ দাস আৰু অভিষেক চেটাৰ্জীয়ে অংশগ্ৰহণ কৰে ৷