লক্ষ্ণৌক ৫ উইকেটত পৰাস্ত কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে
ৰঙিলী বাৰ্ত্তাসেৱা- এম চিন্নাস্বামী ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত আই পি এলৰ এখন মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৫ উইকেটত পৰাস্ত কৰে । লক্ষ্ণৌ ছুপাৰ জায়েন্টছে টছত হাৰি প্ৰথমে বেটিং কৰাত ২০ অভাৰত ১৪৬ ৰান সংগ্ৰহ কৰে।ইয়াৰ প্ৰত্যুত্তৰত আৰ চি বিয়ে ১৫.১ অভাৰত ৫ উইকেটৰ বিনিময়ত ১৪৯ ৰাণ সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে । ‘ইমপেক্ট প্লেয়াৰ’ বিৰাট কোহলীয়ে এই মেচখনত সৰ্বাধিক ৪৯ ৰাণ সংগ্ৰহ কৰে ৷ এই জয়ৰ জৰিয়তে আৰচিবিয়ে পাঁচখন খেলৰ পৰা ৮ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষলৈ ঘূৰি আহে ৷ প্ৰথমে বেটিং কৰিবলৈ অহা লক্ষ্ণৌৰ আৰম্ভণি সুখকৰ নাছিল। ১২ ৰানতে আউট হয় আইডেন মাৰ্কৰাম। ইয়াৰ পিছতে অধিনায়ক ঋষভ পণ্ট আঘাতপ্রাপ্ত হৈ খেলপথাৰলৈ বাহিৰলৈ ওলাই যায় যদিও পিছত পণ্টে পুনৰ বেটিং কৰিবলৈ সক্ষম হয়। আৰ চি বিৰ জছ হেজলউডে লক্ষ্ণৌক দ্বিতীয়টো আঘাত দিয়ে আৰু নিকোলাছ পুৰানক আউট কৰে। অ’পেনাৰ মিচেল মাছে ক্ৰীজত থিতাপি লৈছিল যদিও ব্যক্তিগত ৪০ ৰানত মাৰ্ছক আউট কৰে ক্রুনাল পাণ্ডিয়াই। বাকীসকল বেটাৰ ব্যৰ্থ হয় যদিও আয়ুস বাদোনীয়ে ২৪টা বলত ৩৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ পাছতে ভুবনেশ্বৰ কুমাৰে অধিনায়ক ঋষভ পণ্টক আউট কৰে। আৰচিবিৰ হৈ বেগী বলাৰ ৰছিক ছালাম দাৰে ৪টা উইকেট দখল কৰাৰ বিপৰীতে ভুবনেশ্বৰ কুমাৰে ৩টা উইকেট দখল কৰে। ইয়াৰ বিপৰীতে ১৪৬ ৰান লক্ষ্য অনুসৰণ কৰি খেলখনত আৰ চি বিয়ে ৫ উইকেটত জয়লাভ কৰে। অৱশ্যে আৰ চি বিৰো আৰম্ভণি সুখকৰ নাছিল ফিল ছল্ট মাত্র ৭ ৰানত আউট হয়। ইয়াৰ পাছতে বিৰাট কোহলি আৰু দেৱদত্ত পাড়িকালে দ্বিতীয় উইকেটৰ যুটিত ৫৭ ৰানৰ অংশীদাৰিত্ব গঢ়ি তোলে। এই পার্টনাৰশ্বিপ পাড়িকালক ১০ ৰানত আউট কৰি ভাঙে আৱেশ খানে। তাৰ পাছত কোহলিয়েও ৩৪টা বলত ৪৯ ৰান সংগ্ৰহ কৰি আৱেশ খানৰ চিকাৰ হয়। তেওঁৰ এই ইনিংছত ৬টা চাৰি আৰু এটা ছয় আছিল। অধিনায়ক ৰজত পাটিদাৰ আৰু জিতেশ শৰ্মাই কিছু ডাঙৰ শ্বট মাৰি দলটোক জয়ৰ ওচৰলৈ নিবলৈ সক্ষম হয়। পাটিদাৰে ১৩টা বলত ২৭ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে জিতেশে ৯টা বলত ২৩ ৰানৰ অৰিহণা যোগায়। ৰজত আৰু জিতেশৰ উইকেট দখল কৰে ৰাজকুমাৰ যাদৱে। তাৰ পৰা টীম ডেভিদ আৰু ৰোমাৰিও শ্বেফার্ডে আৰচিবিক জয়ৰ দিশে আগুৱাই লৈ যায়। ১৫.১ অভাৰতে দলটোৱে জয়ৰ লক্ষ্যত উপনীত হয়।
