ল’কডাউন — অভিজিত শেনচোৱা,শিৱসাগৰ

pc-ndtv

ল’কডাউন

আজি চিঞঁৰিছে নদীখনে,
ঘৰ্মাক্ত ৰাজপথে,
হোষ্টেলৰ গাভৰুজাকে,
চহৰ-নগৰৰ গলীবোৰে,
তিনিআলিৰ চাহদোকানৰ ল’ৰাটোৱে,
বনভোজৰ স্থলীবোৰে,
থিয়েটাৰৰ আখৰাগৃহই
যাত্ৰীহীন বাছবোৰে
স্তিমিত পলবোৰে টেটুফালি চিঞঁৰিছে
“নাযাবা নাযাবা সোণ, মোকে এৰি থৈ”

লেখক- শ্ৰী অভিজিত শেনচোৱা
ঠিকনা- দেউবিল, শিৱসাগৰ