যোগাসনৰ অভ্যাসে নিজৰ স্বাস্থ্যক নিজৰ সম্পদ হিচাপে গঢ়িব পাৰি – নমিতা দাস

Pc Herzindagi

যোগাসনৰ অভ্যাসে নিজৰ স্বাস্থ্যক নিজৰ সম্পদ হিচাপে গঢ়িব পাৰি

নমিতা দাস,শুৱালকুছি

যোগ শব্দৰ অৰ্থ হৈছে মিলন বা বন্ধন । সাধাৰণ অৰ্থত শৰীৰ ,মন- প্ৰাণ আৰু বুদ্ধি এইকেইটা সমান অবস্থাত ৰখা সৰল প্ৰক্ৰিয়াটোকে “যুগ” বোলে। বিভিন্ন শাস্ত্ৰত যোগৰ সংজ্ঞা বেলেগ বেলেগ । এজন মানুহ সুস্থ-সবল ভাবে জীয়াই থাকিবৰ বাবে শৰীৰটো ভালে ৰখাটো নিতান্তই প্ৰয়োজন । বৰ্তমানৰ যান্ত্ৰিকতাৰ যুগত মানুহৰ জীৱন ধাৰণৰ প্ৰণালীৰ লগতে শাৰীৰিক পৰিশ্ৰমৰ মাত্ৰা বহুখিনি লাঘব হোৱা দেখা যায় । সময়ৰ পৰিবৰ্তনে ভেজাল খাদ্যৰ লগতে প্ৰদুষণৰ প্ৰয়োভৰ বৃদ্ধি কৰাৰ ওপৰিও কম্পিউতাৰ ব্যৱহাৰৰ লগতে বিভিন্ন বৈজ্ঞানীক পদ্ধতিৰে কৰা বিভিন্ন কাৰ্যই শাৰীৰিক পৰিশ্ৰম লাঘব কৰিছে । যাৰ ফলত শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশত ব্যঘাত জন্মা দেখা যায় । শিক্ষাৰ্থী সকল বিভিন্ন প্ৰতিযোগিতা মুলক পৰীক্ষাত অবতীৰ্ণ হ’বৰ বাবে কম্পিউটাৰৰ লগতে বেছি সময় অধ্যয়নত ব্যস্ত থাকিব লগা হোৱাৰ বাবে শাৰীৰিক ধাবা নতুবা শৰীৰ মনলৈ অহা অবসাদ দূৰ কৰিবলৈ উৎকৃষ্ট উপায় হৈছে যোগাসণ আৰু প্ৰাণায়াম । বৰ্তামান সময়ত খাদ্যৰ লগতে বায়ু, পানী, বতাহত থকা প্ৰদুষণে জীৱন দূৰ্বিসহ কৰি তোলাৰ ওপৰিও ন, ন জতিল ৰোগত আক্ৰান্ত হোৱাৰ ফলত মানসিক আৰু দৈহিক সুখ শান্তি ভংগ হৈছে । কিন্তু যোগাসনৰ অভ্যাসে শৰীৰ সুস্থ সবল কৰি তোলে ।

যোগাসনে যে শাৰীৰিৰ শিথিলতা দূৰ কৰে তেনে নহয়, মানসিক ভাবেও সুস্থ আৰু সবল কৰি তোলে, ফলত মানসিক শান্তি অক্ষুন্ন ৰাখে । বৰ্তমান সময়ত চিকিৎসাৰো অংগ হৈ পৰিছে যোগাসন আৰু প্ৰাণায়াম । বিভিন্ন বেমাৰত ঔষধৰ পৰা হ’ব পৰা বিপৰীত মুখী পাৰ্শ্চক্ৰিয়াৰ পৰা পৰিত্ৰাণ পাবলৈও যোগাসনকে বেমাৰৰ আন এটি ঔষধ হিচাপে ধৰি লৈ নিয়মিত ভাবে চৰ্চা কৰি সুফল পোৱা দেখা যায় । মহা মহা মনিষী সকলে যোগাসনৰ পৰা হ’ব পৰা সুস্থ সবল জীৱনৰ অবদানৰ কথা কৈ গৈছে । ঋষিমুনি সকলে তেওঁলোকৰ যোগাভ্যাষ আৰু ফলাহাৰৰ পৰাই দীৰ্ঘায়ু হোৱা বুলি ধাৰণা কৰা হয় । নিয়মিত যোগাসনৰ অভ্যাসে শৰীৰটোক বাহিৰা বেমাৰৰ বিজাণুৰ পৰা মুক্ত কৰি ৰাখে ।

বৰ্তমান সময়ত ভাৰতৰ লগতে পৃথিৱীৰ বহুকেইখন দেশত যোগাসনে সমাদৰ লাভ কৰাৰ ফলত যোগাসনৰ প্ৰতি আকৃষ্ট হৈ শিশুৰ পৰা প্ৰাপ্ত বয়স্ক লোক সকলেও যোগাসনৰ চৰ্চা কৰা দেখিবলৈ পোৱা যায় । চহৰ নগৰৰ নাগৰিকেই নহয় গাওঁ অঞ্চলতো যোগাসনৰ চৰ্চা পৰিলক্ষিত হয় । সুস্থ শৰীৰ তথা মানসিক শান্তিৰ নিতান্তই প্ৰয়োজন । এই প্ৰয়োজনীয়তাৰ সজাগতাই যোগাসন আৰু ব্যয়ামৰ প্ৰতি মানুহক আকৰ্ষিত হোৱাৰ আন এক কাৰণ বুলি ধৰিব পাৰি ।

বিশেষকৈ মহিলা সকলৰ বাবে যোগাভ্যাস অতি প্ৰয়োজন । ঘৰখনৰ মহিলা গৰাকীৰ স্বাস্থ্যৰ ওপৰত ঘৰখনৰ প্ৰভাব বাৰুকৈয়ে পৰে । কাৰণ খোৱা-লোৱাকে ধৰি প্ৰতি গৰাকী সদস্যৰে সম্পূৰ্ণ দায়িত্ব বহন কৰে ঘৰখনৰ মহিলা গৰাকীয়ে । তেওঁ সুস্থ হৈ থাকিলে ঘৰখনৰ বাৰ্তাবৰণ সুস্থ হয় । শাৰীৰিক আৰু মানসিক ভাবে সকলো সুস্থ হৈ থাকিলেহে ঘৰ খনৰ সুখ-শান্তি বিৰাজ কৰে । মহিলাসকলে ঘৰ খনৰ অন্য সদস্যৰ তুলনাত নিজৰ যত্ন কমকৈ লোৱা পৰিলক্ষিত হয় । খোৱা লোৱাৰ ক্ষেত্ৰতো ঘৰখনৰ পৰিয়ালক সকলো যোগান ধৰি অবশিষ্ট খিনিহে নিজে খাই । তেনে কৰাৰ ফলত কেতিয়াবা নিজৰ ভাগলৈ নাটনী হ’লেও তেওঁ নিমাত হৈ ৰয় । ফলত দেহত প্ৰয়োজনীয় ভিটামিন খিনিৰ অভাব হোৱা দেখা পোৱা যায় । ঘৰখনৰ সকলো কাম সামৰি নিজৰ যত্ন ল’বলৈ সময়ৰ অভাবেও পুৰুষ সকলৰ তুলনাত নাৰী সকল সোনকালে বেমাৰত আক্ৰান্ত হয় বা বয়সৰ চাপ অধিক মাত্ৰাত পৰে । নাৰী সকলে নিজে নিজৰ যত্ন লোৱা অতি প্ৰয়োজন । ঘৰখনৰ প্ৰতিটো শিশু হৈছে ভবিষ্যত সমাজৰ একো একোজন সু নাগৰীক । গতিকে ঘৰখন সুস্থ সবল হৈ থকা মানে সমাজখনতো সুস্থ পৰিবেশ সৃষ্টি হোৱা ।

বৰ্তমান সময়ত শিক্ষা ব্যৱস্থাতো শৰীৰ চৰ্চাক অংগ হিচাপে লোৱাৰ ফলত ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধিয়ে সজাগতাৰ সৃষ্টি কৰিছে । পুৰুষ সকলৰ লগত মহিলা সকলেও সমানে হাত মিলাই সৌন্দৰ্য চৰ্চাৰ লগতে শাৰীৰিক ব্যয়ামৰ শিক্ষাৰ জড়িয়তে নিজকে সুস্থ কৰি শাৰীৰিক আৰু মানসিক ভাবে সবল হ’বলৈ কৰা প্ৰচেষ্টাক শলাগিব লগিয়া ।সেয়ে হয়তো চহৰৰ লগতে গাওঁ সমুহতো স্বেচ্ছাসেৱী সংগঠনৰ যুগেদি যোগাসন আৰু প্ৰাণায়ামৰ বিনামুলীয়া প্ৰশিক্ষণৰ বাতাবৰণ গঢ়ি উঠা দেখা যায় ।

” স্বাস্থ্যই পৰম ধন , দেহা থাকিলেহে বেহা” বুলি এষাৰ কথা আছে । সুস্থ শৰীৰে মনটোক সুস্থ কৰি ৰাখে । মন সুস্থ হ’লেহে এজন মানুহ জীৱনত আগবাঢ়ি যোৱাত সহায় হয় । গতিকে নিজৰ স্বাস্থ্য হৈছে জীৱনৰ প্ৰধান সম্পদ । এই সম্পদ হেৰুৱা মানে জীৱন টো হেৰাই যোৱা । নিজৰ লগতে পৰিয়ালৰ সুখ শান্তি বিৰাজ কৰি ৰাখিবলৈ নিজকে সু স্বাস্থ্যৰ অধিকাৰি কৰি ৰাখিবই লাগিব ।