যাত্ৰীৰ অতিৰিক্ত ভিৰৰ বাবে বিশেষ ৰেল সেৱাৰ সম্প্ৰসাৰণ

pc News18

যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নোহোৱা কৰিবলৈ, এনএফ ৰে’লৱেই গুৱাহাটী আৰু চেকন্দ্ৰাবাদ মাজত আৰু গুৱাহাটী আৰু ওখাৰ মাজত চলি থকা বিশেষ ৰে’লৰ সেৱা সম্প্ৰসাৰণ কৰে। যাত্ৰীসকলৰ সুবিধাৰ বাবে এই ৰেলসমূহৰ সেৱা সময়, ষ্টপেজ, গঠন আৰু চলাচলৰ দিনৰ সম্প্ৰসাৰণ কৰা হৈছে। চেকন্দ্ৰাবাদৰ পৰা গুৱাহাটীলৈ যোৱা ৰেল নম্বৰ ০৭০৩০-ৰ সেৱা দুবাৰ ভ্ৰমণৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে। প্ৰথম বাৰত, ৰেলখন ৬ জুন, ২০২১ তাৰিখে চেকুন্দ্ৰাবাদৰ পৰা ৰাওনা হৈছিল। ৰেলখনৰ আন এটা যাত্ৰা ১৩ জুনত চেকেন্দ্ৰাবাদৰ পৰা ৰাওনা হ’ব। বুধবাৰে গুৱাহাটীৰ পৰা অহা ৰেল নং ০৭০২৯ গুৱাহাটী– চেকেন্দ্ৰাবাদ সাপ্তাহিক গ্ৰীষ্মকালীন বিশেষ ৰে’লৰ সেৱাও দুবাৰ ভ্ৰমণৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে। ৯ আৰু ১৬ জুনত গুৱাহাটীৰ পৰা ৰেলখন ৰাওনা হ’ব। বৃহস্পতিবাৰ, শুক্ৰবাৰ আৰু শনিবাৰে ৰাজেন্দ্ৰ নগৰৰ পৰা ৰেল নং ০৩২৪৬ ৰাজেন্দ্ৰ নগৰ – নিউ জলপাইগুৰি (ত্ৰি-সাপ্তাহিক) বিশেষ ৰেলৰ সেৱা ১০ জুনৰ পৰা পৰৱৰ্তী পৰামৰ্শ লৈকে অব্যাহত কৰা হৈছে। উভতি অহাৰ দিশত, শনিবাৰে, দেওবাৰে আৰু সোমবাৰে নিউ জলপাইগুৰিৰ পৰা ৰেল নং ০৩২৪৫ নিউ জলপাইগুৰি -ৰাজেন্দ্ৰ নগৰ (ত্ৰি-সাপ্তাহিক) বিশেষ ৰেলৰ সেৱা পৰৱৰ্তী পৰামৰ্শ লৈকে ১২ জুনৰ পৰা অব্যাহত কৰা হৈছে।