যতীন্দ্ৰনাথ দুৱৰাৰ ‘শূন্য পৰিচয়’ কবিতা: এটি আলোচনা  দৰ্শনা দত্ত 

যতীন্দ্ৰনাথ দুৱৰাৰ ‘শূন্য পৰিচয়’ কবিতা: এটি আলোচনা 

দৰ্শনা দত্ত 
দেৰগাঁও,গোলাঘাট

অসমীয়া কাব্য জগতৰ ৰোমাণ্টিক যুগৰ অন্যতম এগৰাকী কবি হ’ল যতীন্দ্ৰনাথ দুৱৰা(১৮৯২-১৯৬৪)।’ওমৰ তীৰ্থ'(১৯২৫),’ কথাকবিতা ‘(১৯৩৩),’আপোন সুৰ’ (১৯৩৮),’বনফুল'(১৯৫২),’মিলনৰ সুৰ'(১৯৬০) আদি দুৱৰাৰ উল্লেখযোগ্য কবিতাপুথি। নিসংগতা,প্ৰেমত ব্যৰ্থতা,ধূসৰ স্মৃতিকাতৰতা,প্ৰকৃতি আৰু মানৱ দৰ্শন,মৃত্যুচেতনা আদি তেওঁৰ কবিতাৰ মূল বিষয়বস্তু। ব্যক্তিগত জীৱনৰ নিৰাশা,জীৱনৰ ক্ষণস্থায়ীত্ব তথা মৃত্যুচেতনা আৰু অতীতৰ স্মৃতি-বেদনাৰ সুৰ ধ্বনিত হোৱা যতীন্দ্ৰনাথ দুৱৰাৰ এটা উল্লেখযোগ্য কবিতা হ’ল তেওঁৰ ‘আপোন সুৰ’ কবিতাপুথিৰ অন্তৰ্গত ‘শূন্য পৰিচয়’ কবিতাটো।

  কবিতাটোৰ আৰম্ভণিতে কবিয়ে নিজৰ হৃদয়খনক জেতুকা পাতৰ লগত তুলনা কৰিছে –

  “মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে
সেউজীয়া বননিৰ বৰণেৰে ঢকা;
অন্তৰ জলোৱা ছবি অতীতৰ স্মৃতি লই
বুকুৰ তেজেৰে আছে অন্তৰতে অঁকা |”

অতীতক মানুহে সহজে পাহৰিব নোৱাৰে। কবিৰ হৃদয়ো অতীতৰ সুখ-দুখৰ স্মৃতি ৰোমন্থন কৰি নিৰাশাত ডুব যায়। অতীতৰ ধূসৰ স্মৃতি পাহৰি তেওঁ আগুৱাবলৈ অশেষ চেষ্টা কৰে অথবা সেই স্মৃতিখিনি ঢাকি ৰাখিবলৈ প্ৰয়াস কৰে। এনে যন্ত্ৰণাময় মনক বুজাবলৈকে কবিয়ে জেতুকা পাতক উপমা হিচাপে লৈছে। জেতুকা পাত বাহিৰৰ পৰা সেউজীয়া, কিন্তু তাৰ ভিতৰতো এটা ৰঙা ৰং লুকাই থাকে। পাতটো ভালদৰে পিহিলেহে সেই ৰঙা ৰঙটো ওলাই পৰে। ঠিক সেইদৰে কবিয়েও হৃদয়ৰ ৰঙা স্মৃতি আৰু দুখ-বেদনাখিনিক সেউজীয়া হাঁহিৰ আৱৰণ দি ঢাকি ৰাখে,তেওঁৰ হৃদয়ৰ গভীৰলৈ চালেহে সেই বেদনাক দেখা পোৱা যাব। বাহিৰে তেওঁ হাঁহি থাকে কিন্তু সেই হাঁহিৰ আঁৰত লুকাই থাকে জেতুকাৰ লুকাই থকা ৰঙা ৰঙৰ দৰে অজস্ৰ বিষাদ আৰু যন্ত্ৰণা।

কবিৰ এনে যন্ত্ৰণাময় জীৱনৰ মূলতে হৈছে অতীতৰ ব্যৰ্থ প্ৰেম। প্ৰেম ভালপোৱাই অজানিতে আহি হৃদয়ক সুখৰ সপোনেৰে মতলীয়া কৰে। কিন্তু অৱশেষত প্ৰেমে দি যায় মাথো দুখ আৰু বেদনাৰ স্মৃতি। অতীতত কবিৰ হৃদয়তো বিভিন্ন সময়ত বহুজনে আহি প্ৰেম গীতৰ সুৰ বোৱাইছিল। কিন্তু সেয়া চিৰস্থায়ী নহ’ল। শেষত তেওঁৰ ভাগ্যহীন জীৱনত কেৱল সুৰহীন গানহে প্ৰাপ্ত হ’ল –

“কত জন কাষলই কতভাৱে আহি মোৰ
তোলায় হিয়াত মোৰ সকৰুণ তান;
শূন্যত বিয়পি পৰি শূন্যতেই যায় মাৰ
ভাগ্যহীন জীৱনৰ সুৰহীন গান ।”

কবি এই পৃথিৱীত আছে আৰু অন্য মানু্হৰ দৰেই সংসাৰৰ যাত্ৰাত খোজ মিলাই চলিছে। কিন্তু মানসিকভাৱে যেন তেওঁ ইয়াত নাই। আপোন বুলি ভবা সকলোৰে পৰা পোৱা অনাদৰ-অৱহেলাই তেওঁক একেবাৰে নিসংগ কৰি তুলিলে আৰু এতিয়া সেইবোৰৰ মাজেৰেই তেওঁ জীৱন পথত আগুৱাই গৈ আছে। একাকীত্বই জীৱন বুৰাই পেলোৱা কবিয়ে এই সকলোবোৰ তেওঁৰ কপালৰ বিধিৰ নিষ্ঠুৰ লেখা বুলি কৈছে –

“অনাদৰ অৱহেলা সকলো গোটাই লই
ৰচোঁ মই জীৱনৰ কুসুম-কানন,
ইযে মোৰ কপালত বিধিৰ নিঠুৰ লেখা
এয়ে মোৰ জীৱনৰ কাঁইটীয়া বন।”

কবি তেওঁৰ জীৱন বাটৰ অকলশৰীয়া এজন পথিক। এতিয়া আৰু কাৰো চেনেহৰ প্ৰয়োজন নাই বুলি কবিয়ে পাহৰণি নৈৰ তীৰকে নিৰলে থাকিবৰ বাবে বাছি লৈছে। জোনাক ৰাতি এই নৈৰ তীৰতে বহি তেওঁ হৃদয়ৰ সকলো বেথা নৈখনিকেই নিবেদন কৰিব। কবিৰ প্ৰাণৰ বীণখনিৰ আকুল-উদাৰ সুৰে জোনাক ৰাতিৰ নিৰ্জন নৈৰ পাৰ আৰু জগতখনিক মুখৰিত কৰি তুলিব আৰু কবি নিজেই সেই সুৰৰ একমাত্ৰ শ্ৰোতা হৈ ৰ’ব –

“নিৰলে থাকিম বুলি সাজিছো ইয়াতে পজাঁ
দাঁতিয়েদি বই যায় পাহৰণি-নই,
ধুনীয়া জোনাক ৰাতি বহি তাৰ পাৰতেই
শুনাম জীৱন-গীতি বীণখণি লই।”
আকুল উদাৰ সুৰে উঠিব জগত জুৰি
গভীৰ বেদনা-ৰাশি অন্তৰ মাজৰ,
নেলাগে চেনেহ কাৰো নিবিচাৰোঁ হুমুনিয়া
সাগৰতে মাৰ যায় ঢউ সাগৰৰ।”

কবিতাটোৰ শেষৰ ফালে কবিয়ে মৃত্যুচেতনাৰ প্ৰতিফলন ঘটাইছে। মানু্হৰ জীৱনটো দুদিনীয়া। সংসাৰ যাত্ৰাত ৰং-ধেমালি,সুখ-আশা- সপোন আদি আকাংক্ষা কৰি থাকোতেই মানু্হৰ জীৱন চাকি কোন সময়ত কালে নুমুৱাই দিব তাৰ কোনো নিশ্চয়তা নাই। কবিয়েও নাজানে যে এনেকৈ থাকোতে কোনোবা দিনা,কোন পলকত তেওঁক নিয়তিয়ে কোনো অজান দেশলৈ লৈ যাবগৈ –

“এনেদৰে থাকোঁতেই হঠাতে এদিন আহি
কাল-পছোৱাই দিব চাকিটি নুমাই,
নিচিনা বাটেদি মোক নজনা দেশৰ পিনে
নিয়তিয়ে হাত ধৰি নিব আগুৱাই।”

একেবাৰে শেষত কবিয়ে কৈছে যে তেওঁ পৃথিৱীৰ পৰা নোহোৱা হোৱাৰ পাছত কোনেও তেওঁক আৰু বিচাৰি নাপাব। তেওঁৰ কোনো সমাধি বা স্মৃতিচিহ্ন নাথাকিব। কবি এই পৃথিৱীত নাথাকিলেও প্ৰকৃতিৰ নিত্য নৈমত্তিক কাৰ্য যেনে – জোন-বেলি ওলোৱা,জহ-জাৰ-বাৰিষা কাল হোৱা, গছৰ ডালত ন কুঁহিপাত ওলোৱা আদি কাৰ্যবোৰ ঘটিয়েই থাকিব। পৃথিৱীত কবিৰ যি চিন ৰৈ যাব, সেইয়া হ’ব কেৱল এক ‘শূন্যতা’। অৰ্থাৎ, যি অস্তিত্বহীনতা,নিসংগতা আৰু শূন্যতাক সাৱটি তেওঁ জীয়াই আছিল,সেই ‘শূন্যতাই’ হ’ব তেওঁৰ শেষ পৰিচয়-

“আকাশৰ জোন বেলি চিৰকাল একেদৰে
ওলাব সোমাব নিতে সন্ধিয়া পুৱাত,
জহ জাৰ বাৰিষাত বনফুল কুঁহিপাতে
নিতউ নতুন বেশ বিলাব ধৰাত ।
সংসাৰৰ বেচা কিনা চলিব সদায় একে,
মাথোঁ মোৰ দেহা হ’ব অনন্তত লয়;
পাহৰণি-নইখনি পঁজাৰ কাষেদি বই
দিব জগতত মোৰ শূন্য পৰিচয় ।”

যতীন্দ্ৰনাথ দুৱৰাৰ ‘শূন্য পৰিচয়’কবিতাটিত মানৱ জীৱনৰ চৰম নিঃসংগতা আৰু অসাৰতা প্ৰকাশ পাইছে। কবিয়ে অনুভৱ কৰিছে যে অনাদৰ-অৱহেলাৰে জীৱন কটাই, অকলশৰীয়াকৈ সংসাৰ যাত্ৰাত গৈ গৈ সময়ৰ তীব্ৰ সোঁতত এদিন তেওঁৰ জীৱনৰ চাকিটি নুমাই যাব আৰু তেওঁ এই পৃথিৱীৰ পৰা সম্পূৰ্ণৰূপে নোহোৱা হৈ যাব। তেওঁৰ মৃত্যুৰ পিছত জগতত কোনো স্মৃতি বা চিন ৰৈ নাযাব আৰু কোনেও তেওঁৰ বাবে দুখ নকৰিব। যি শূন্যতাক বুকুত বান্ধি তেওঁ জীয়াই আছিল,সেই অনন্ত শূন্যতাতেই তেওঁৰ অস্তিত্ব বিলীন হৈ যাব। অৰ্থাৎ, কোনো নাম বা যশস্যাৰ পৰিৱৰ্তে এক ‘শূন্যতাই’ হ’ব কবিৰ শেষ পৰিচয়। কবিতাটোৱে বুজাইছে যে মানুহৰ জীৱন অতি ক্ষণস্থায়ী। যিমানবোৰ আৱেগ, যন্ত্ৰণা বা দুখ আমি বুকুত কঢ়িয়াই ফুৰো,সেইবোৰ শেষত একো নোহোৱা হৈ যায়। কবিৰ এই অনুভৱ কেৱল তেওঁৰ ব্যক্তিগত বিষয়েই নহয়,ই সমগ্ৰ মানৱ জীৱনৰ এক দৰ্শনাত্মক সত্য। এই ভাবধাৰাৰ মাজতেই ফুটি উঠিছে কবি যতীন্দ্ৰনাথ দুৱৰাৰ জীৱনৰ বিষাদগধুৰ দৰ্শন। দুৱৰাৰ এই ‘শূন্য পৰিচয়’ কবিতাটিৰ মূল কাব্যিক সৌন্দৰ্য ইয়াৰ মৰ্মস্পৰ্শী নিসংগতা,গভীৰ কৰুণ ৰস,সুৰীয়া গীতিধৰ্মিতা, অলংকাৰৰ প্ৰয়োগ আৰু সাৱলীল ভাষাৰ মাজৰে প্ৰকাশ পাইছে। কবিয়ে কোনো কৃত্ৰিম অলংকাৰ ব্যৱহাৰ নকৰাকৈ,অতি সহজ-সৰল ভাৱ আৰু শব্দেৰে কবিতাটিক মনোৰম ৰূপেৰে সজাই তুলিছে। সেউজীয়া জেতুকা পাতৰ অন্তৰালত লুকাই থকা ৰঙা বেদনাৰ দৰে প্ৰকৃতিৰ অপূৰ্ব প্ৰতীক আৰু উপমাৰ প্ৰয়োগে কবিতাটিক এক অনন্য দৃশ্যধৰ্মী সৌন্দৰ্য প্ৰদান কৰিছে। সমগ্ৰ কবিতাটিত এক মৰ্মবাদী আৰু বৈৰাগ্যৰ দৰ্শন ফুটি উঠিছে,য’ত কবিয়ে নিজৰ নশ্বৰ দেহক অনন্তত বিলীন কৰি জগতত কেৱল এক শান্ত, নিৰভিমানী ‘শূন্য পৰিচয়’ এৰি থৈ যাবলৈ বিচাৰিছে। এই সহজ-সৰল অথচ গভীৰ ভাৱপ্ৰকাশেই কবিতাটিক অসমীয়া ৰোমাণ্টিক সাহিত্যৰ এক কালজয়ী কাব্যিক নিদৰ্শন হিচাপে প্ৰতিপন্ন কৰিছে।