মোৰ অনুভৱ- হিমাদ্রী বৰকটকী

Pc PS I love you

মোৰ অনুভৱ

মোৰ অনুভৱ তুমি আহিছিলা
এজাক বতাহ হৈ…..
যি মোৰ দেহ মন চুই‌ গৈছিল
এক অনাবিল আনন্দ লৈ
সেই আনন্দই মোৰ অন্তৰত
জোৱাৰভাতাৰ সৃষ্টি কৰিলে
উস ! কি অনাবিল আনন্দ
মই উৰি ফুৰিছিলো মতলিয়া হৈ
যেন পাখি লগা পখীলা হৈ
দাপোনক আপোন কৰি
নিজকে বিলিন কৰি
সপোন ৰচিছিলো
তোমাৰ হৃদয়ত তৰা ফুল ফুলায়
তোমিটো জানাই , তোমাৰ পৰশেই
মোৰ প্ৰেমৰ সঞ্জীৱনী…..
যি মোৰ প্ৰেমৰ মধৈমালতি
যাৰ গোন্ধেই আমূলমূল নিশাতি
জীপাল হৈ উঠে দেহাটি
হেঙুলী বৰন‌ সানি দিলাহি
এইয়েই মোৰ অনুভৱ
তোমালৈ বুলি……

হিমাদ্রী বৰকটকী
শিৱনগৰ ‌, ২ নং উপপথ
নগাঁও , অসম