মোহনদাস কৰমচান্দ গান্ধী নামৰ মানুহ জন- মুন শৰ্মা

Pc History and biography
মোহনদাস কৰমচান্দ গান্ধী নামৰ মানুহ জন
      সময় তেতিয়া পৰাধীন ভাৰতবৰ্ষ। ইংৰাজৰ ৰাজত্ব আমাৰ দেশত। সেয় সময়তে ইংৰাজী ১৮৬৯চনৰ ২অক্টোবৰ তাৰিখে গুজৰাটৰ ৰাজ্যৰ অন্তৰ্গত পোৰবন্দৰত এঘৰ গুজৰাটী পৰিয়ালত জন্ম হৈছিল এটি ল’ৰা সন্তান। নাম আছিল মোহন দাস কৰমচান্দ গান্ধী।
       অন্য সাধাৰণ শিশুৰ দৰে লালন -পালন হৈ ডাঙৰ হৈ যুৱ অৱস্থাত উপনীত হোৱাৰ পিছতে মাক দেউতাকৰ আৰ্শীবাদ মূৰত লৈ এদিন ৰাওনা হ’ল সুদূৰ লণ্ডনলৈ লক্ষ্য উকলি হোৱাৰ বাবে পঢ়িব লগা বেৰিষ্টাৰ পঢ়া।
      এদিন দুদিন কৈ সময় বাগৰি গ’ল, শেষত বেৰিষ্টাৰ হোৱাৰ যি সপোন দেখি আছিল সেয়া বাস্তব হৈ উঠিছিল ল’ৰাজনৰ। তাৰে ফলত এদিন  সুযোগ পালে  আমাৰ পৰা বহু দূৰৰ দেশ দক্ষিণ আফ্ৰিকা উকালতি কৰাৰ।
        গুচি গ’ল ল’ৰাজন আৰু সময়ৰ পাকচক্ৰ পাৰি তাতেই এদিন আৰম্ভ কৰিলে এখন সংগ্ৰাম,য’ত  অশেষ কষ্টৰে   কৃষ্ণাংগ সকলক নিজৰ অধিকাৰ সাব্যস্ত কৰাত সফল কৰাইছিল।
        হয় তেওঁ তেতিয়া দক্ষিণ আফ্ৰিকাত বন্দিত হৈছিল।কিন্তু ভাৰতত কোনেও ভৱা নাছিল এই ল’ৰা জন  তাৰ পৰা ঘূৰি অহাৰ পাছতেই ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামে  ল’ব এক নতুন মূৰ। পৰাক্ৰমী ইংৰাজৰ আগত বাৰে বাৰে স্বাধীনতা বিচাৰি ব্যৰ্থ হোৱা ভাৰতীয় সকলে,  কঁপাব ইংৰাজৰ ভেটি। অস্ত্ৰধাৰী সৈন্যক নিৰস্ত্ৰ সৈন্যই অহিংসা পথেৰে যুদ্ধ কৰি পৰাস্ত কৰাৰ ইতিহাস ৰচি উৰুৱাব এখন যুদ্ধৰ বিজয় নিচান।
       দক্ষিণ আফ্ৰিকাত কটোৱা সময় শেষ।  উভতি আহিল ঘৰৰ ল’ৰা ঘৰলৈ এদিন। নামি পৰিল অন্য  সংগ্ৰামী সকলে দেখুৱাই দিয়া পথ অনুসৰণ কৰি স্বাধীনতা আন্দোলনৰ এগৰাকী সংগ্ৰামী ৰূপত। এসময়ত  ভাৰতৰ বিপ্লৱৰ আকাশত জিলিকি উঠিল গান্ধী নামৰ এটি উজ্বল তৰা যাৰ পোহৰত পথ লৈ আৰম্ভ হ’ল এক নতুন বিপ্লৱ য’ত ভাৰতীয় সকল ইংৰাজৰ চকুত জুই হৈ দেখা দিলে ক্ৰমে ক্ৰমে। ফলত লাহে লাহে ভাৰতত বেলি পৰাৰ দিশত আগবাঢ়িছিল   ইংৰাজৰ শাসন।
    পিছে এই সংগ্ৰাম খুব কম দিনতে শেষ হোৱা নাছিল। কেইবাটাও দশকৰ অন্তত হে’ অজস্ৰ বিপ্লৱীৰ প্ৰাণৰ বিনিময়ত ব্ৰটিছৰ সীমাহীন অত্যাচাৰ সহি, বহুত ঘাট – প্ৰতিঘাট পাৰ কৰি,  বহু সময়ত একাধিক বিফলতা সাৱটি লোৱাৰ অন্তত হে” ১৯৪৭ চনৰ ১৫ আগষ্টত লক্ষ্যত উপনীত হৈছিল।
      এই সংগ্ৰামত অকল তেওঁৰ হে মাত্ৰ অৱদান আছে তেনে নহয়। দেশৰ বিভিন্ন প্ৰান্তৰ সমগ্ৰ ভাৰতৰ জনগণ,বহুত দূৰদৰ্শী নেতাৰ অৱদান ইয়াত আছে।কিন্তু চিপাহী বিদ্ৰোহৰ সময়ৰ পৰা আৰম্ভ হোৱা এই সংগ্ৰামত  প্ৰতি খোজত প্ৰতি বাৰেই অভাৱ হোৱা গুৰিয়াল জনৰ অভাৱ পূৰণ কৰিছিল অবশেষত মোহন দাস কৰমচান্দ গান্ধী নামৰ মানুহ জনে।
       তেওঁ অকল স্বাধীনতা আন্দোলনৰ এগৰাকী সংগ্ৰামী নহয়, তেওঁ আছিল এজন মানৱসেৱক,তেওঁ সত্য আৰু অহিংসাৰ পূজাৰী,তেওঁ আমাৰ বাপুজী, তেওঁ আৰু বহুতো যি বোৰ পলকতে কৈ শেষ কৰিব নোৱাৰি। তেওঁ এনে এজন মহান মানুহ যিয়ে ১৯৪৮ চনৰ ৩০জানুৱাৰী তাৰিখে মহাপ্ৰয়ান হোৱাৰ আগেয়ে,বৰ্তমানৰ ভাৰতৰ সপোন তেতিয়াই দেখুৱাইছিল গোটেই দেশক। যাৰ নাম আজি গোটেই পৃথিৱীতে লোৱা  মহা মানৱ মহাত্মা গান্ধী নামেৰে,আৰু আমি কও জাতিৰ পিতা মহাত্মা গান্ধী।
মুন শৰ্মা,
বছাগাঁও,লখিমপুৰ