মোনাবাৰীত বাল্যবিবাহ, POCSO আৰু ড্ৰপআউট শিশু সন্দৰ্ভত সজাগতা সভা

মোনাবাৰীত বাল্যবিবাহ, POCSO আৰু ড্ৰপআউট শিশু সন্দৰ্ভত সজাগতা সভা

বিহমাৰী,ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱা ৩০ অক্টোবৰ ২০২৬ তাৰিখে বিশ্বনাথ জিলা জাতীয় মহাসভাৰ মহিলা কোষৰ উদ্যোগত মোনাবাৰী হাইস্কুলত বাল্যবিবাহ, POCSO আইন আৰু ড্ৰপ আউট শিশুৰ সমস্যাৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়। মহিলা কোষৰ সভানেত্ৰী থানেশ্বৰী কুৰ্মী গঞ্জুৱে সভাৰ আঁত ধৰে। তেখেতে চাহ জনগোষ্ঠীৰ মাজত বিৰাজমান বাল্যবিবাহৰ দৰে সামাজিক ব্যাধি, শিশু সুৰক্ষা সম্পৰ্কীয় POCSO আইন আৰু বিদ্যালয়ৰ পৰা ওলাই যোৱা শিশুৰ সমস্যাৰ ওপৰত এক গঠনমূলক আৰু সচেতনতামূলক বক্তব্য আগবঢ়ায়। উক্ত সভাত জিলা সম্পাদক সাগৰ খাণ্ডাইত, মহিলা কোষৰ সম্পাদিকা জোনমণি কৈৰী, সাংস্কৃতিক সম্পাদিকা চম্পা কৈৰী, সহকাৰী সম্পাদিকা উমা তাঁতি আৰু সদস্যা মামনি তাঁতিৰ লগতে বহু গৰাকী সদস্যাই উক্ত বিষয়সমূহৰ ওপৰত বিতংভাৱে আলোকপাত কৰি সাৰগৰ্ভ বক্তব্য প্ৰদান কৰে। বিদ্যালয়ৰ প্রধান শিক্ষয়িত্ৰীয়ে এনে এক সময়োপযোগী সজাগতা সভা অনুষ্ঠিত কৰাৰ বাবে বিশ্বনাথ জিলা জাতীয় মহাসভাৰ মহিলা কোষক শলাগ লয় আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। সভাত বিদ্যালয় পৰিচালনা সমিতিৰ কেবগৰাকী সদস্যও উপস্থিত থাকে।