মানসিকতা !
হৰেন কপ্তাক
জাৰ খেদিবলৈ কুকুৰৰ গাত গৰম কোট,
স্বাস্থ্য ভালে ৰাখিবলৈ
ভোকৰ পাতত বিলাসী খাদ্য,
স্নানৰ বাবে সুগন্ধি চাবোন কিম্বা চেম্পু
কিন্তু, বন কৰা মানুহজনৰ বাবে
এখন মলিয়ন পোচাক,
খাদ্যৰ তালিকাত সাধাৰণ এটি জুঁতি !
ইয়াকেই কয় মানুহ !
