তেওঁ কৈছিল
মেৰী বৰদলৈ
নগাঁও,ফুলগুৰি!
শুনাচোন বন্ধু…..
এদিন তেওঁ
কৈছিল মনেমনে
এটি কবিতা লিখাচোন
বুলি
মই সুধিলোঁ
কাৰ বাবে লিখিম
কবিতা..
তেওঁ টপৰাই
ক’লে
মোৰ বাবে…
মই প্ৰশ্ন কৰিলোঁ
তোমাৰ বাবে…?
তুমি জানো
মোৰ কবিতা ভালপোৱা…?
তেওঁ ক’লে
ভালপাওঁ তোমাৰ কবিতা
সুধিলোঁ….
কিমান ভালপোৱা…?
তেওঁ ক’লে
সীমা নাই…
মই দূৰৈৰ পৰাই
চিঞৰি ক’লোঁ
তুমিয়েইচোন আজি
মস্ত এডাল
সীমাৰেখা টানি
মোৰ জীৱনৰ পৰা
আঁতৰি গ’লা…
কেতিয়াবা আহিবা
সময় পালে
মই আজিও
তোমাৰ বাবেই
লিখোঁ হাজাৰ কবিতা…..!
