মৈৰাবাৰী কলেজত ‘কিতাপ’ শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতা

মৈৰাবাৰী কলেজত ‘কিতাপ’ শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতা
মৈৰাবাৰী,ৰঙিলী বাৰ্ত্তাসেৱা- মৈৰাবাৰী কলেজৰ ‘চেণ্ট্ৰেল লাইব্ৰেৰী’ৰ উদ্যোগত মংগলবাৰে পুৱা ১০ বজাৰ পৰা আবেলি ৩ বজালৈ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ পঠন কক্ষত ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজন কৰা হয় ‘কিতাপ’ শীৰ্ষক এখনি কলেজ ভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা। গ্ৰন্থাগাৰিক আব্দুল আজিজ আকন্দে আঁত ধৰা এই প্ৰতিযোগিতাত লক্ষণীয়ভাৱে মহাবিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰীয়ে শীৰ্ষ তিনিওটা স্থান দখল কৰি সুনাম কঢ়িয়াবলৈ সক্ষম হয়; তেওঁলোক যথাক্ৰমে গুলশ্বানাৰা বেগম (স্নাতক চতুৰ্থ ষান্মাসিক), ৰুবিয়া খাতুন (স্নাতক দ্বিতীয় ষান্মাসিক) আৰু মৰ্জিনা বেগম (স্নাতক দ্বিতীয় ষান্মাসিক)। ইপিনে মৈৰাবাৰী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জামাল উদ্দিন আহমেদ আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰিয়াজুল হকে শিল্পকলাৰ বিভিন্ন কৌশল সম্পৰ্কে অৱগত কৰি অংশগ্ৰহণকাৰী প্ৰতিযোগীসকলক অভিপ্ৰেৰিত কৰে। প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে ডঃ ময়িদুল ইছলাম, তাইজুদ্দিন আহমেদ আৰু মুহাম্মাদ আফজাল। তেওঁলোকৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সুপ্ত প্ৰতিভা বিকাশৰ অৰ্থে আয়োজন কৰা এই প্ৰতিযোগিতাত মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ অধ্যাপকসকল উপস্থিত থাকি ‘চেণ্ট্ৰেল লাইব্ৰেৰী’ৰ এনে আদৰণীয় পদক্ষেপৰ শলাগ লয়।