মেঘালয়ত ট্ৰেফিক পইণ্টত অগ্নিসংযোগ দুৰ্বৃত্তৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  মেঘালয়ত বৃহস্পতিবাৰে সন্ধিয়া কোনো দুৰ্বৃত্তই ট্ৰেফিক পইণ্টত অগ্নিসংযোগ কৰাৰ লগতে এখন চিটি বাছকে ধৰি তিনিখন আৰক্ষীৰ বাহনত আক্ৰমণ কৰে, যাৰ ফলত শ্বিলঙত পুনৰ উত্তেজনা বৃদ্ধি পায়। ২২ নৱেম্বৰ, ২০২২ তাৰিখে অসম-মেঘালয় সীমান্তৰ মুক্ৰ’হত সংঘটিত হিংসাত্মক ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ মমবাতি জ্বলাই শান্তি সমদল ওলোৱা সময়চোৱাত এই ঘটনা সংঘটিত হৈছে। ইপিনে, প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণলৈ আনিবলৈ নিয়োজিত আৰক্ষীৰ ওপৰত দুৰ্বৃত্তই শিল আৰু পেট্ৰ’ল বোমা নিক্ষেপ কৰে।উক্ত ঘটনাটোত এখন চিটি বাছ আৰু এখন জিপচীসহ তিনিখন আৰক্ষীৰ বাহন ক্ষতিগ্ৰস্ত হয় বুলি শ্বিলঙৰ ইষ্ট খাচী হিলছৰ আৰক্ষী অধীক্ষক এছ নংটংগাৰে জানিবলৈ দিয়ে।