মৃত্যু চিৰন্তন সত্য কিন্তু -অঞ্জুমণি শইকীয়া

Pc Time8

মৃত্যু চিৰন্তন সত্য কিন্তু ——-

আৰু কিমান মানুহৰ দানৱৰূপী মানুহৰ হাতত মৃত্যু হ’ব ??? কাজিয়া , মাৰপিট কৰাৰ মূহুৰ্তত এবাৰো ভাবি নাচায় কিয় যে যিজনক তেওঁলোকে মাৰিছে , তেওঁও কোনোবা পৰিয়ালৰ অতি মৰমৰ ৷ ঝংকাৰ , অভি -নীল — ৰ পৰিয়ালটোৰ বুকু উদং হোৱাৰ পিছত আজি পুনৰ আৰু এটা পৰিয়ালৰ বুকু উদং হ’ল ৷ দুখ প্ৰকাশ কৰাৰ ভাষা নাই ৷ এক অজান শোকে বুকুখন খুন্দা মাৰি ধৰিছে ৷ চকুৰ পানীয়ে বাট নেদেখা হৈছো ৷ এনেকুৱা অনুভৱ হৈছে, সেই মৃত্যু হোৱা ল’ৰাজন যেন মোৰ ল’ৰা ! দুটি পুত্ৰ সন্তানৰ মাতৃ মই ৷ কেনেকৈ সহ্য কৰোঁ ? পুত্ৰ ঘৰৰ বাহিৰ ওলালেই ভয় হয় ৷ মৃত্যু চিৰন্তন সত্য ৷ কিন্তু , এনেকুৱা মৃত্যু কোনেও কামনা নকৰে ৷ আমাৰ জেষ্ঠ পুত্ৰৰ লগৰ ল’ৰা এজনে ফোন কৰি ক’লে ( দেৰগাঁৱৰ পৰা ) , “ — আজি যোৰহাটৰ ট্ৰাক ষ্টেণ্ডত আমাৰ পৰিয়ালৰ ল’ৰা এটাক মানুহে মৰিয়াই মৰিয়াই মাৰি পেলালে ৷ তাৰ সৈতে তিনিজন ল’ৰা গাড়ীত গৈছিল ৷ সি ড্ৰাইভিং চিটত বহি আছিল ৷ লগৰ দুটা দোকানত সোমাইছিল ৷ স্কুইটিত যোৱা বয়সস্থ মানুহ এজন ৰাষ্টাতে পৰা দেখি সি গাড়ীৰ পৰা নামি উঠাই দিলেগৈ ৷ সুৰা পান কৰি থকা মানুহজনে “ মোক কিয় খুন্দিয়ালি “ বুলি চিঞৰিলে ৷ লগে লগে মানুহ গোট খালে ৷ সি বুজাই দিয়াৰ পিছত মানুহবোৰে মীমাংসা কৰি যাবলৈ দিলে ৷ তিনিওটা আহিবলৈ লওঁতেই পিছফালৰ পৰা বহুত মানুহ আহি “ বৰতাক খুন্দিয়ালে , খুৰাক পেলালে “ বুলি কৈ মাৰপিট কৰিলে ৷পাঁচজন পুলিচে মানুহখিনিক ৰখাব নোৱাৰা দেখি দুজনে গৈ ওচৰতে থকা ট্ৰেফিক জনক সাৱটি ধৰি “ আমাক বচাওক , ইহঁতি মাৰি পেলাব ” বুলি কোৱাৰ পিছত পুনৰ সিহঁতক চোচৰাই আনিলে ৷ বেছিকৈ মাৰ খোৱা ল’ৰাজনে বুকুত ধৰি যেনে তেনে গৈ পুলিচৰ গাড়ীখনৰ ওপৰত পৰি দীঘল দীঘল কৈ উশাহ লৈ থাকোঁতেই আকৌ মাৰিলে ৷ তাৰপিছত —— ৷ আমাৰ গাঁৱত কাৰো চৌকা জ্বলা নাই ৷ ল’ৰাটো বৰ ভাল আছিল অ ’ ৷”

ফোনটো পোৱাৰ পিছত টিভি চাবলৈ সাহস নহ’ল ৷

– অঞ্জুমণি শইকীয়া ৷
যোৰহাট , মালৌ- আলি ৷