মূল্যবৃদ্ধি আৰু ৰাইজৰ কৰণীয় – ৰাজু কলিতা

Pc DNA India

মূল্যবৃদ্ধি আৰু ৰাইজৰ কৰণীয়

ৰাজু কলিতা,মাজুলী 

সাম্প্ৰতিক সময়ৰ আটাইতকৈ স্পৰ্শকাতৰ আৰু ভয়াবহ সামাজিক-অৰ্থনৈতিক সমস্যাটোৱেই হৈছে বজাৰৰ অনিয়ন্ত্ৰিত আৰু অস্বাভাৱিক মূল্যবৃদ্ধি, যিয়ে দেশৰ তথা ৰাজ্যৰ প্ৰতিগৰাকী সৰ্বসাধাৰণ নাগৰিকৰ বুকুত হাহাকাৰৰ সৃষ্টি কৰিছে। পুৱা শুই উঠি চাহ একাপ খোৱাৰ পৰা আৰম্ভ কৰি নিশা শুবলৈ যোৱালৈকে মানুহে যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰে, সেই সকলোবোৰৰে মূল্য এতিয়া আকাশলংঘী। চাউল, দাইল, মিঠাতেল, শাক-পাচলি, নিমখ-চেনিৰ দৰে নিত্য-ব্যৱহাৰ্য খাদ্যবস্তুৰ পৰা আৰম্ভ কৰি জীৱনদায়িনী ঔষধ-পাতি, শিশুৰ খাদ্য, শিক্ষাৰ সামগ্ৰী, আৰু পৰিবহনৰ প্ৰধান মাধ্যম ইন্ধন অৰ্থাৎ পেট্ৰ’ল-ডিজেল তথা ৰন্ধন গেছৰ অভূতপূৰ্ব দৰবৃদ্ধিয়ে সাধাৰণ মানুহৰ জীৱনযাত্ৰা স্তব্ধ কৰি পেলাইছে। বিশেষকৈ থিতাপি লগা বা সীমিত উপাৰ্জন থকা মধ্যবিত্ত, নিম্ন-মধ্যবিত্ত, দিনহাজিৰা কৰা শ্ৰমিক আৰু কৃষক শ্ৰেণীৰ মানুহৰ বাবে এতিয়া দুবেলা দুমুঠি অন্ন যোগাৰ কৰাটোৱেই এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। এই ক্ৰমবৰ্ধমান মূল্যবৃদ্ধিৰ অন্তৰালত কেৱল কোনো এটা নিৰ্দিষ্ট কাৰণ নিহিত হৈ থকা নাই, বৰং ই এক বহুমাত্রিক সমস্যা। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ উত্থান-পতন, গোলকীয় অৰ্থনীতিৰ অস্থিৰতা, উদ্যোগিক উৎপাদন ব্যয় বৃদ্ধি আদিৰ দৰে সামষ্টিক কাৰণসমূহ যেনে সত্য, ঠিক তেনেকৈয়ে আমাৰ দেশীয় বা স্থানীয় বজাৰ ব্যৱস্থাত থকা সুৰুঙাসমূহো সমানেই দায়ী। প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী বা খৰাঙৰ বাবে কেতিয়াবা কৃষিজাত সামগ্ৰীৰ উৎপাদন হ্ৰাস পায় আৰু ইয়াৰ ফলত যোগান ব্যাহত হৈ মূল্য বৃদ্ধি পায়। কিন্তু আটাইতকৈ উদ্বেগজনক আৰু মাৰাত্মক কাৰণটো হৈছে এচাম অসাধু, অতি-লোভী ব্যৱসায়ী, ক’লা বজাৰী আৰু মধ্যভোগী দালালৰ চক্ৰান্ত। এই সিন্ডিকেটে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি, সামগ্ৰী গুডামত অবৈধভাৱে মজুত কৰি ৰাখে আৰু বজাৰত চাহিদা তুংগত উঠিলে নিজ খেয়াল-খুচি মতে চৰা দামত বিক্ৰী কৰি নিশাৰ ভিতৰতে কোটিপতি হোৱাৰ দৌৰত নামি পৰে। চৰকাৰ আৰু প্ৰশাসনে সময়ে সময়ে নীতি-নিৰ্দেশনা জাৰি কৰে যদিও এক ফলপ্ৰসূ, স্থায়ী আৰু কঠোৰ তদাৰকী ব্যৱস্থাৰ অভাৱৰ বাবেই এই অসাধু চক্ৰটোক সম্পূৰ্ণৰূপে নাকী লগাবলৈ সক্ষম হোৱা নাই, যাৰ বাবে অধিক দাম ভৰিবলগীয়া হৈছে দুখীয়া গ্ৰাহকে। এনে এক জটিল অৰ্থনৈতিক সংকটৰ সময়ত কেৱল চৰকাৰৰ বা প্ৰশাসনৰ পদক্ষেপলৈ হাত সাৱটি আশাৰে বাট চাই বহি থাকিলে সাধাৰণ ৰাইজৰ দুৰ্দশা কেতিয়াও অন্ত নপৰে। এক সচেতন আৰু সজীৱ সমাজৰ নাগৰিক হিচাপে এই অন্যায় মূল্যবৃদ্ধিৰ বিৰুদ্ধে আৰু নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে আমাৰো বহুখিনি গুৰুত্বপূৰ্ণ কৰণীয় তথা সামাজিক দায়িত্ব আছে। সৰ্বপ্ৰথমে, গ্ৰাহক হিচাপে আমাৰ মাজত থকা উদাসীনতা আঁতৰাই সম্পূৰ্ণ সচেতনতা অৱলম্বন কৰিব লাগিব। বজাৰ কৰিবলৈ যাওঁতে প্ৰতিগৰাকী গ্ৰাহকে চৰকাৰীভাৱে নিৰ্ধাৰিত মূল্য তালিকা পৰীক্ষা কৰাটো বাধ্যতামূলক কৰিব লাগে আৰু বিক্ৰেতাক সঠিক বিল বা ৰচিদ খুজিব লাগে। যেতিয়াই কোনো অসাধু ব্যৱসায়ীয়ে নিৰ্ধাৰিত মূল্যতকৈ আধিক দাম দাবী কৰে বা ওজনত ফাঁকি দিয়ে, তেতিয়াই গ্ৰাহকে অকলশৰে নহয়, বৰং বজাৰত উপস্থিত থকা সকলোৱে একগোট হৈ তাৰ তীব্র প্ৰতিবাদ কৰিব লাগিব। ব্যক্তিগত বা সন্মিলিত প্ৰতিবাদৰ উপৰিও প্ৰশাসনৰ কাষ চপা আমাৰ নাগৰিক কৰ্তব্য। বজাৰৰ এনে অনিয়ম দেখাৰ লগে লগে যোগান বিভাগ, স্থানীয় জিলা প্ৰশাসন বা গ্ৰাহক সুৰক্ষা মঞ্চৰ ওচৰত লিখিত বা ডিজিটেল মাধ্যমৰ জৰিয়তে তাৎক্ষণিক অভিযোগ দাখিল কৰিব লাগে, যাতে দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। দ্বিতীয় কৰণীয় দিশটো হৈছে আমাৰ মানসিকতা আৰু ক্ৰয় অভ্যাসৰ পৰিৱৰ্তন কৰা। বহু সময়ত বজাৰত কোনো সামগ্ৰীৰ নাটনি হ’ব বুলি উৰাবাতৰি ওলালেই গ্ৰাহকৰ মাজত হাহাকাৰ লাগে আৰু মানুহে ভয় খাই প্ৰয়োজনীয়তাতকৈ অধিক সামগ্ৰী ক্ৰয় কৰি ঘৰত মজুত কৰিবলৈ লয়, যাক অৰ্থনীতিত ‘পেনিক বাৰিং’ বুলি কোৱা হয়। গ্ৰাহকৰ এই মানসিক দুৰ্বলতাৰ সুযোগ লৈয়েই ক’লা বজাৰীসকলে নিমখ, আলু বা পিঁয়াজৰ দৰে সামগ্ৰীৰ দাম নিমিষতে দুগুণ-তিনিগুণ কৰি দিয়ে। গতিকে ৰাইজে তেনে উৰাবাতৰিত ভোল নগৈ ধৈৰ্য্য ধৰিব লাগে আৰু কেৱল দৈনিক প্ৰয়োজন সাপেক্ষেহে সীমিত পৰিমাণে সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস গঢ়িব লাগে, যাতে বজাৰত কৃত্ৰিম চাহিদাৰ সৃষ্টি হ’ব নোৱাৰে। ইয়াৰ সমান্তৰালভাৱে আমাৰ দৈনন্দিন জীৱনত মিতব্যয়িতাৰ প্ৰয়োগ অতি প্ৰয়োজনীয় হৈ পৰিছে। বিলাসীতা বা অপ্ৰয়োজনীয় খৰচসমূহ বৰ্জন কৰি, বিয়া-সবাহ বা বিভিন্ন সামাজিক অনুষ্ঠানত খাদ্যবস্তুৰ অপচয় সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে। ঘৰুৱা বাজেট সঠিকভাৱে পৰিচালনা কৰি অনাৱশ্যক খৰচৰ পৰা বিৰত থাকিলে মূল্যবৃদ্ধিৰ কোব কিছু পৰিমাণে চম্ভালিব পৰা যায়। তৃতীয় আৰু আটাইতকৈ ফলপ্ৰসূ দীৰ্ঘম্যাদী সমাধানটো হৈছে আত্মনিৰ্ভৰশীলতা আৰু থলুৱা উৎপাদনৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা। অসমৰ দৰে এখন কৃষিভিত্তিক আৰু উৰ্বৰ ভূমিসম্পন্ন ৰাজ্যত থকাৰ পিছতো যদি আমি কেৱল এটুপি সৰিয়হৰ তেল, এটা আলু বা এমুঠি জলকীয়াৰ বাবেও বহিঃৰাজ্যৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, তেন্তে বজাৰৰ চৰা দামৰ পৰা আমাক কোনেও ৰক্ষা কৰিব নোৱাৰে। এই নিৰ্ভৰশীলতা দূৰ কৰিবলৈ প্ৰতিঘৰ মানুহে নিজৰ সাধ্যানুসাৰে ঘৰৰ আশে-পাশে থকা খালি মাটি, চতিয়ান, বাৰী বা আনকি চহৰীয়া অঞ্চলৰ ঘৰৰ ছাদ আৰু টাবত বতৰকালীন শাক-পাচলিৰ খেতি কৰাৰ এক সৰ্বাত্মক আন্দোলন গঢ়ি তুলিব লাগিব। থলুৱাভাৱে উৎপাদিত সামগ্ৰীয়ে কেৱল যে আমাৰ স্বাস্থ্য সুৰক্ষিত কৰিব তেনে নহয়, ই বজাৰৰ ওপৰত থকা আমাৰ নিৰ্ভৰশীলতা বহুখিনি হ্ৰাস কৰিব। যেতিয়া আমাৰ নিজৰ থলুৱা উৎপাদন বৃদ্ধি পাব, তেতিয়া চহৰীয়া বজাৰলৈ অহা বহিঃৰাজ্যৰ ট্ৰাকৰ ওপৰত থকা দালাল বা মধ্যভোগী সিন্ডিকেটৰ একচেতিয়া প্ৰভাৱ আপোনাআপুনি ভাঙি পৰিব। গ্ৰাহকসকলেও থলুৱা কৃষকসকলে পোনপটীয়াকৈ বজাৰলৈ অনা সামগ্ৰী ক্ৰয় কৰাত অগ্ৰাধিকাৰ দিব লাগে, যাৰ ফলত কৃষকজনো আৰ্থিকভাৱে লাভৱান হ’ব আৰু গ্ৰাহকেও উচিত মূল্যত সতেজ সামগ্ৰী লাভ কৰিব। সৰ্বশেষত, মূল্যবৃদ্ধিৰ দৰে এক বৃহৎ সামাজিক ব্যাধিৰ সৈতে যুঁজিবলৈ হ’লে সমাজৰ যুৱ প্ৰজন্ম, স্থানীয় ক্লাব, গ্ৰাহক সুৰক্ষা সমিতি আৰু স্বেচ্ছাসেৱী সংগঠনসমূহে এক সক্ৰিয় আৰু পহৰাদাৰী ভূমিকা পালন কৰিব লাগিব। তেওঁলোকে মাজে-সময়ে স্থানীয় বজাৰসমূহত গৈ মূল্য তালিকা পৰীক্ষা কৰা, ক’লা বজাৰীৰ বিৰুদ্ধে সামাজিক সজাগতা সৃষ্টি কৰা আৰু প্ৰশাসনক চোকা নজৰ ৰখাত সহায় কৰা উচিত। কেৱল সামাজিক মাধ্যমত বা ঘৰৰ চ’ৰা ঘৰত বহি চৰকাৰক গালি-গালাজ পাৰি বা ক্ষোভ উজাৰিলেই বজাৰৰ জুই নুমুৱাব নোৱাৰি। তাৰ পৰিৱেৰ্তে এক সচেতন নাগৰিক সমাজ গঠন কৰি সজাগতা, মিতব্যয়িতা, থলুৱা উৎপাদনৰ সংকল্প আৰু অন্যায়ৰ বিৰুদ্ধে একত্ৰিত সন্মিলিত প্ৰতিবাদৰ জৰিয়তেহে এই মৰণফান্দস্বৰূপ মূল্যবৃদ্ধিক প্ৰতিহত কৰি সমাজলৈ এক সুস্থিৰ আৰু সকাহদায়ক অৰ্থনৈতিক পৰিৱেশ ঘূৰাই অনাটো সম্ভৱ হ’ব।