মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৬ উইকেটত পৰাস্ত লক্ষ্ণৌ ছুপাৰ জায়েন্টছক 

Pc MSN

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৬ উইকেটত পৰাস্ত লক্ষ্ণৌ ছুপাৰ জায়েন্টছক 

ৰঙিলী বাৰ্ত্তাসেৱা- চলিত আইপিএলত পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে সোমবাৰে ৱাংখেড়েত অনুষ্ঠিত মেচখনত লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৬ উইকেটত পৰাস্ত কৰে। মেচখনত লক্ষ্ণৌৱে জয়ৰ বাবে বান্ধি দিয়া ২২৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰদ্বয় ৰিয়ান ৰিকেলটনৰ ৩২ বলত ৮৩ আৰু ৰোহিত শৰ্মাৰ ৪৪ বলত ৮৪ ৰানৰ সহায়ত মুম্বায়ে ১৮.৪ অভাৰত চাৰিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। নমন ধীৰে ২৩ আৰু উইল জেকছে ১০ ৰান কৰি অপৰাজিত হৈ থাকে। তিলক বার্মাই ১১ আৰু সূর্যকুমাৰে মাত্র ১২ ৰান কৰে। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰি প্ৰাৰম্ভিক বিপর্যয় সত্ত্বেও নিকোলাছ পুৰানৰ বিস্ফোৰক অর্ধশতকৰ সহায়ত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২২৮ ৰান কৰে। দলীয় স্ক’ৰ ২৯ ৰানত জ’ছ ইংলিছৰ ৰূপত প্ৰথমটো উইকেট হেৰুৱায় লক্ষ্ণৌৱে। অৱশ্যে মিচেল মার্শ্ব আৰু পুৰানে দ্বিতীয় উইকেটত ৯৪ ৰান কৰি দলৰ বিপৰ্যয় ৰোধ কৰে। মার্শ্বে ২৫টা বলত ৪৪ ৰান কৰাৰ বিপৰীতে পুৰানে ২১টা বলত এটা চাৰি আৰু ৮টা ছয়েৰে ৬৩ ৰানৰ অৱদান আগবঢ়ায়। শেষৰ পিনে এইডেন মাৰকাম আৰু হিম্মত সিঙে মাৰমুখী বেটিঙেৰে লক্ষ্ণৌক শক্তিশালী স্থিতিত উপনীত কৰায়। মাৰকামে অপৰাজিতভাৱে ৩১ আৰু হিম্মতে অপৰাজিতভাবে ৪০ ৰান কৰে। দুয়োৱে পঞ্চম উইকেটত অপৰাজিতভাৱে ৬৮ ৰান কৰে। মুম্বাইৰ হৈ কর্বিন ব’চে সর্বাধিক দুটা উইকেট লাভ কৰে।