ইতিহাস ৰচি তৃতীয়বাৰলৈ অসমত এনডিএৰ চৰকাৰ

PC - PC - anandabazar patrika

ইতিহাস ৰচি তৃতীয়বাৰলৈ অসমত এনডিএৰ চৰকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গেৰুৱাময় হৈ পৰিল অসম। ছুনামিৰ সৃষ্টি কৰি বিজেপিয়ে অসমত ইতিহাস গঢ়িলে। বিৰোধীক সম্পূৰ্ণৰূপে ধূলিসাৎ কৰি ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অবিশ্বাস্য বিজয় লাভ এনডিএৰ। ঐতিহাসিক জয়েৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি গেৰুৱা দলটোৱে এককভাৱেই ৮২ খন বিধানসভাৰ আসন দখল কৰাৰ লগতে বিজেপি মিত্রজোঁটে লাভ কৰিলে ১০২ খন আসন। বিজেপিৰ চমকপদ সাফল্যৰ বিপৰীতে কংগ্ৰেছ আৰু মিত্রজোট সীমাবদ্ধ থাকিল মাত্র ২১খন আসনতে। আনহাতে, কংগ্ৰেছৰ মিত্ৰদল অসম জাতীয় পৰিষদে এখনো আসন দখল কৰিব নোৱাৰিলে। ইয়াৰ বিপৰীতে দুখন আসন দখল কৰি কোনোমতে ৰাজ্যৰ ৰাজনীতিত টিকি থাকিল বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ। বিজেপিয়ে অকলেই ৮২খন আসন দখল কৰাৰ লগতে মিত্রদল অগপ আৰু বিপিএফে ১০খনকৈ আসন দখল কৰিবলৈ সক্ষম হ’ল। লক্ষণীয়ভাবে কংগ্ৰেছে জয়লাভ কৰা ১৯খন আসনৰ ভিতৰত ১৮খন আসনৰ বিজয় আহিল সংখ্যালঘু অধ্যুষিত সমষ্টিৰ পৰা। একমাত্র নাওবৈচা সমষ্টিত হিন্দু প্ৰাৰ্থীৰ জয়ৰ বিপৰীতে কংগ্ৰেছৰ আটাইকেইজন শক্তিশালী উজনি অসমৰ নেতা ৰণত পৰে এই নিৰ্বাচনত। ইয়াৰ মাজতে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে দুখন আসন দখলেৰে কংগ্ৰেছৰ লাঘৱ হোৱা সন্মানত কিছু সকাহ দিবলৈ সক্ষম হয়।  খিলঞ্জীয়াৰ অস্তিত্বৰ সুৰক্ষাৰ ইছ্যুৰে নিৰ্বাচনী যুঁজত নমা বিজেপিয়ে তৃতীয়বাৰৰ বাবে আসন দখলেৰে দেশৰ ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰা আন বিজেপিশাসিত ৰাজ্যৰ সমকক্ষ হ’বলৈ সক্ষম হয়। বিজেপিৰ এনে উত্থানৰ বিপৰীতে ঘোষিত নির্বাচনী ফলাফলত বিৰোধী কংগ্ৰেছৰ কেইবাগৰাকীও আগশাৰীৰ নেতা শোচনীয়ভাৱে পৰাজয়ৰ সন্মুখীন হয়। বিশেষকৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, দলৰ প্ৰাক্তন সাংসদ আব্দুল খালেকৰ লগতে সহযোগী অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও এইবাৰ বিজেপিৰ আগ্ৰাসনত বিধ্বস্ত হৈ পৰে। ঘোষিত ফলাফল অনুসৰি জালুকবাৰী সমষ্টিৰ পৰা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ষষ্ঠবাৰৰ বাবে নিৰ্বাচিত হয়। মুখ্যমন্ত্রীয়ে তেওঁৰ প্ৰতিদ্বন্দ্বী প্রার্থী কংগ্ৰেছৰ বিদিশা নেওগক ৮৯,৪৩৪টা ভোটৰ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হয়। আনহাতে, জাগীৰোড সমষ্টিত পীযূষ হাজৰিকাই কংগ্রেছ প্রার্থী বুবুল দাসক ৯৩,৫৮৪টা ভোটত পৰাজিত কৰে। নলবাৰী সমষ্টিত বিজেপি প্রার্থী জয়ন্ত মল্লবৰুৱাই কংগ্রেছ প্রার্থী অশোক শর্মাক ৬০,১০১টা ভোটত পৰাজিত কৰে। ভৱানীপুৰ-সৰভোগ সমষ্টিৰ বিজেপি প্রার্থী ৰণজিৎ কুমাৰ দাসে তেওঁৰ প্ৰতিদ্বন্দ্বী প্রার্থী মনোৰঞ্জন তালুকদাৰক ৩৯,১৫২টা ভোটত পৰাজিত কৰিবলৈ সক্ষম হয়। আনহাতে, যোৰহাট সমষ্টিৰ পৰা বিজেপি প্রার্থী হিতেন্দ্রনাথ গোস্বামীয়ে প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক ২৩,১৮২টা ভোটত পৰাজিত কৰিবলৈ সক্ষম হয়। ঘোষিত ফলাফল অনুসৰি নামনি অসমৰ সংখ্যালঘু অধ্যুষিত ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ পৰা বিজেপি প্রার্থী অশ্বিনা ৰায় সৰকাৰে তেওঁৰ প্রতিদ্বন্দ্বী কার্তিক চন্দ্ৰ ৰয়ক ৩০,৭৮২টা ভোটত পৰাজিত কৰাৰ লগতে বিলাসীপাৰা সমষ্টিৰ অগপ প্রার্থী জীৱেশ ৰয়ে তেওঁৰ প্ৰতিদ্বন্দ্বী প্রার্থী অমৃত বাদশ্বাহক ২,৬৯৪টা ভোটত পৰাজিত কৰিবলৈ সক্ষম হয়। এইবাৰ নির্বাচনত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থকা যোৰহাট সমষ্টিৰ লগতে খোৱাং সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক বিজেপি প্রার্থী চক্ৰধৰ গগৈয়ে ৯,৯৮৪টা ভোটত পৰাজিত কৰিবলৈ সক্ষম হয়। একেদৰে, মৰিয়নি সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাক বিজেপি প্রার্থী ৰূপজ্যোতি কুৰ্মীয়ে ২৬,৮৪০টা ভোটত পৰাজিত কৰে। এইবাৰ নিৰ্বাচনৰ লক্ষণীয় দিশটো আছিল বিটিচিত বিপিএফৰ অভাৱনীয় উত্থান। হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফে প্রতিদ্বন্দ্বিতা কৰা ১০টা সমষ্টিৰ আটাইকেইটাতে জয়লাভকৰিবলৈ সক্ষম হয়। এই জয়লাভেৰে বিপিএফৰ প্ৰতিদ্বন্দ্বী দল ইউপিপিএলক ধূলিসাৎ কৰাই নহয় ইউপিপিএলৰ সভাপতি প্রমোদ বড়োও এইবাৰ নিৰ্বাচনত পৰাজিত হ’ব লগা হয়। প্রথমবাৰৰ বাবে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ পত্নী শিউলি মহিলাৰীয়ে ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীক ৩৯,৬৩৩ ভোটত পৰাজিত কৰি বিধানসভালৈ নির্বাচিত হয়। ইফালে, গুৱাহাটীৰ পাঁচটা সমষ্টিত আটাইকেইটা বিজেপি আৰু মিত্রদল অগপই দখল কৰিবলৈ সক্ষম হয়। দিছপুৰ সমষ্টিত প্রদ্যুৎ বৰদলৈয়ে ৪৯,৬৬৭টা ভোটত কংগ্রেছ প্রার্থী মীৰা বৰঠাকুৰ গোস্বামীক, মধ্য গুৱাহাটীত বিজেপি প্রার্থী বিজয় কুমাৰ গুপ্তাই অসম জাতীয় পৰিষদৰ প্রার্থী কুংকি চৌধুৰীক ৬১,৯২১টা ভোটত, নিউ গুৱাহাটী সমষ্টিত বিজেপি প্রার্থী দিপ্লুৰঞ্জন শর্মাই কংগ্রেছ প্রার্থী শান্তনু বৰাক ৪৭,৬৬৮টা ভোটত আৰু ডিমৰীয়া সমষ্টিত অগপ প্রার্থী ড° তপন দাসে কংগ্রেছ প্রার্থী কিশোৰ কুমাৰ বৰুৱাক ৬৫,৩৮৫টা ভোটত পৰাজিত কৰিবলৈ সক্ষম হয়। আজিৰ এই অভাৱনীয় বিজয়ৰ পিছতে মুখ্যমন্ত্রী ড° শর্মাই সামাজিক মাধ্যমযোগে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰি কয়- অসমৰ সন্মানীয় জনসাধাৰণে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সু-নেতৃত্বৰ ওপৰত বিশ্বাস ৰাখি বিজেপিক এক নতুন অভিলেখেৰে বিজয় কৰিলে। ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ মাৰ্গ দৰ্শনেৰে পুষ্ট আমাৰ কাৰ্যকৰ্তাসকলৰ নিৰলস প্রয়াস অবিহনে এই বিজয় কাহানিও সম্ভৱ নহ’লহেঁতেন। এই বিজয় হৈছে উন্নয়ন, নাৰী শক্তি বন্দন, স্বকীয় পৰিচয় আৰু বিকশিত অসমৰ প্ৰতি সবল সমর্থনৰ প্ৰকাশ। এই সুবৃহৎ জনাদেশে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ আৰু উজনিৰ পৰা নামনি অসমলৈ জনসাধাৰণৰ মনোভাবক প্রতিফলিত কৰি সৰ্বাংগীণ বিকাশ আৰু খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষাৰ প্ৰয়োজনীয়তা দৃঢ়ভাৱে প্রতিপন্ন কৰিলে। আমি জনসাধাৰণৰ আশীৰ্বাদ আৰু আমাৰ বিকশিত-সুৰক্ষিত অসম নির্মাণক অংগীকাৰৰ প্ৰতি তেওঁলোকৰ উৎসাহী সঁহাৰিৰ বাবে সেৱা জনাইছোঁ। পুনৰ দোহাৰিব বিচাৰিছোঁ অসমক ভাৰতৰ শীৰ্ষ ৫ ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ বাবে আমাৰ অক্লান্ত প্রচেষ্টা অধিক উৎসাহেৰে অব্যাহত থাকিব।