বৰক্ষেত্ৰী বিধানসভা সমষ্টিত জয়লাভ নাৰায়ণ ডেকাৰ

বৰক্ষেত্ৰী বিধানসভা সমষ্টিত জয়লাভ নাৰায়ণ ডেকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  নলবাৰী জিলাৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিত জয়লাভ কৰে বিজেপিৰ মনোনীত এনডিএৰ সমৰ্থিত প্রার্থী নাৰায়ণ ডেকাই।বিজেপিৰ প্ৰাৰ্থী নাৰায়ণ ডেকাই ১,১৩,০০১ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে লাভ কৰে ৮৪,১৫৭ টা ভোট। আনহাতে, তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আমিৰুল ইছলামে ১৪১৮ টা ভোট লাভ কৰাৰ বিপৰীতে চুচি দলৰ প্ৰাৰ্থী মুনিন্দ্ৰ দলেয়ে ৯৫৯ টকা ভোট লাভ কৰে। আনহাতে, ন’টাত ভোট দিয়ে ২০০১টা। উল্লেখ্য যে সমষ্টি পুনৰনিৰ্ধাৰণৰ পিছত ২৪ খন গাওঁ পঞ্চায়তৰে গঠন হৈছিল ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টি। নৱগঠিত বৰক্ষেত্ৰী সমষ্টিত মুঠ ভোটাৰ আছিল ২,১৯,৬৭২, ইয়াৰে ভোট ভোটদান হৈছিল ২,০০,৬৩৮ টা, পোষ্টেল ভোটদান হৈছিল ৯০০ টা আৰু সমষ্টিটোত মুঠ ভোট কেন্দ্র আছিল ২৯২ টা। লক্ষণীয় যে ২০১৬ চনৰ অসম বিধানসভা নির্বাচনত প্রথমবাৰলৈ বিজেপি দলৰ প্ৰাৰ্থীত্ব লাভ কৰি জয়লাভ কৰা নাৰায়ণ ডেকাই ২০২১ চনৰ নিৰ্বাচনত কম সংখ্যক ভোটৰ ব্যৱধানত পৰাজিত হৈ পুনৰ বিজেপিৰ দখললৈ সমষ্টিটো আনিবলৈ সক্ষম হয়। ঘোষণা কৰা নিৰ্বাচনী ফলাফলত বৃহৎ ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থী দিগন্ত বৰ্মনক পৰাজিত কৰি দ্বিতীয়বাৰ বিধানসভালৈ নির্বাচিত হ’বলৈ সক্ষম হয় গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা। জয়লাভ কৰাৰ পিছতে বিজেপিৰ প্ৰাৰ্থী নাৰায়ণ ডেকাই প্রতিক্রিয়া প্ৰকাশ কৰি কয় যে বৰক্ষেত্ৰীবাসী ৰাইজৰ আশীৰ্বাদ তেওঁৰ ওপৰত সদায় আছিল আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৰা বিকাশ, স্বচ্ছ নিযুক্তিকে ধৰি বিভিন্ন জনকল্যাণমুখী আঁচনিৰ বাবে ৰাইজে বিজেপিৰ সপক্ষে জনমত দিছে। দ্বিতীয়বাৰলৈ বিধায়ক হিচাপে নির্বাচিত হৈ নাৰায়ণ ডেকাই বৰক্ষেত্ৰী সমষ্টিৰ সামগ্ৰীক উন্নয়নকে মূল লক্ষ্য হিচাপে লোৱাৰ কথা সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰে।