মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে চৰকাৰী ভূমি বেদখল কৰা সন্দৰ্ভত অসম প্ৰদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ প্ৰতিক্ৰিয়া

Pc East Mojo Assam

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে চৰকাৰী ভূমি বেদখল কৰা সন্দৰ্ভত অসম প্ৰদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ প্ৰতিক্ৰিয়া

ৰঙিলী বাৰ্ত্তাসেৱা-  যিসময়ত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ভূমি বেদখলল মুক্ত কৰি এক আদৰ্শ প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱাটো ৰাইজক দেখাব বিচাৰিছে, সেই সময়খিনিতে এটা ৰাষ্ট্ৰীয় মাধ্যমত “দি ওৱাইৰ” নামৰ ওৱেব প’ৰ্টেলত মুখ্যমন্ত্ৰীৰ পৰিয়ালে নীতি বহিৰ্ভূতভাৱে চৰকাৰী ভূমি বেদখল কৰা বুলি প্ৰকাশ পোৱা ঘটনাটোৱে অসমৰ ৰাজনৈতিক ইতিহাসৰ এক নজিৰ বিহীন ঘটনা আৰু আৰু এই ঘটনাই সমগ্ৰ অসমবাসীৰ বাবে শিৰণত কৰা এটা পৰিৱেশৰ সৃষ্টি কৰিছে। অসম প্ৰদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে যে চৰকাৰী ভূমি বেদখল কৰাৰ ক্ষেত্ৰত যদি তেওঁৰ পৰিয়ালৰ লোকে জড়িত নহয় তেন্তে “দি ওৱাইৰ” নামৰ ৱেব প’ৰ্টেলৰ ওপৰত মনহানি গোচৰ ৰুজু কৰক আৰু চৰকাৰী মাটি দখলৰ ক্ষেত্ৰত যদি সঁচাকৈয়ে তেওঁৰ পৰিয়ালৰ লোক জড়িত, তেন্তে তেওঁ অসমৰ ৰাইজৰ ওচৰত আঁঠু লৈ ক্ষমা খোজক। ২০০৭ত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নেতৃত্বত জন্ম হোৱা “”আৰ.বি.এছ. ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেড” সংস্থাটোয়ে গুৱাহাটী বিমানবন্দৰৰ ওচৰৰ বঙৰাত ১৮ একৰ মাটিৰ ৬.৯২ একৰ মাটি চিলিং চাৰপ্লাছ লেণ্ড মাত্ৰ চাৰি পাঁচ মাহৰ ভিতৰত কিনি লৈছিল। “চিলিং চাৰপ্লাছ লেণ্ড” হৈছে ভূমিহীন ব্যক্তিৰ বাবে, আৰু এই মাটি যদি কোনো ভূমিহীন লোকে বিক্ৰী কৰিবলগীয়া হয়, তেন্তে তেওঁ অতি কমেও দহ বছৰ সেই মাটিত থাকিব লাগিব। কিন্ত মুখ্যমন্ত্ৰীৰ পৰিয়ালে এই সকলো নিয়ম উলংঘা কৰি এই মাটি ক্ৰয় কৰিছিল। এই মাটিখিনি ক্ৰয় হৈছিল ২০০৯ চনৰ ভিতৰত যিখিনি সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকী সেই সময়ৰ চৰকাৰৰ মন্ত্ৰী হৈ আছিল। “আৰ.বি.এছ. ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেড”ৰ সংস্থাটোৰ দ্বিতীয় গৰাকী মালিক হৈছে ৰঞ্জিত ভট্টাচাৰ্য, যিগৰাকী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ আৰু বিজেপিৰ ৰাজ্যিক কিষান মৰ্চাৰ সভাপতি।এই সমগ্ৰ ঘটনাৰ ওপৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ স্থিতি স্পষ্ট কৰিবলৈ মুকলি প্ৰত্যাহ্বান জনাইছে অসম প্ৰদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই।