মুখা–দেৱযানী পাঠক শৰ্মা

pc-123rf

মুখা
**
আমি উভতি গৈছো
কূষকৰ আঘোনীয়া চোতাললৈ
লখিমী আৰু গোধনৰ
মাজত ৰখা ব্যৱধানলৈ
তাতো আছিল সংৰক্ষণ
ভয়ৰ বাবে
যদি কমিযায় জিয়াই থকাৰ
অৱলম্বন
নাম ঘৰ সত্ৰ ,ঘৰুৱা সকামতো
আধ্যাত্মিকতাৰে বান্ধখাই পিন্ধিছিল মুখা
তাতো ঠাই পাইছিল শংকাই
ভকতিৰ প্ৰসাদ বিতৰণ
মনৰ ভাৱনা যদি হয় বিচলিত
অজানিতে ৰিপুৱে আহি
দিয়ে যদি দেখা
নিবাৰণৰ উপাই গামোচাৰ মুখা
এইয়া বাৰু সংকত সময়ৰ বাধা
কিন্তু আগতেও পিন্ধে ডাক্টৰে মুখা
ৰোগী আৰু মাজত ৰাখে শংকা
ধূলীয়ৰী ফাগুনেও
পিন্ধাই দিয়ে আবেষ্টনি
ৰোগক পশমিত কৰাৰ
উত্তম উপাই,লয় মানৱে
এতিয়া নিকপ কপিয়া হল
শংকাবোৰ যে বাঢ়ি গৈ থাকিল
বিধ্বংসী ধুমুহাৰ দৰে
বাৰিষাৰ প্ৰলয়ংকাৰী বানৰ দৰে
নহলে যে নাই পৰিত্ৰান
অতীমাৰিক ৰোধিবৰ
নাই কোনো বাণ
এইয়া হয়তো কল্কীৰে মহা আয়োজন
কলীক খেদি নতুন যুগ প্ৰৱৰ্তন
মানৱে কৰিছে হায় হায়
বাচি থকাৰে নাই যে উপাই
সকলোতে শংকা আৰু শংকা
অৱলম্বন মাথোএতিয়া বেষ্টনি
মুখে মুখে মুখা মাথো মুখা|

*********দেৱযানী পাঠক শৰ্মা