মিউজিকেলি UNITED-ৰ উদ্যোগত ডাঃ বি. বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত “বিনামূলীয়া দুপৰীয়া আহাৰ” কাৰ্যসূচীৰ শুভ উদ্বোধন
ৰঙিলী বাৰ্ত্তাসেৱা- সমাজসেৱামূলক সংস্থা Musically UNITED-ৰ উদ্যোগত ডাঃ বি. বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট, আৰ্য নগৰত চিকিৎসাধীন কেঞ্চাৰ ৰোগীসকলৰ অভিভাৱক আৰু সহায়কসকলৰ বাবে “বিনামূলীয়া দুপৰীয়া আহাৰ” কাৰ্যসূচীৰ আজি শুভ উদ্বোধন কৰা হয়। এই সেৱামূলক কাৰ্যসূচী এতিয়াৰ পৰা প্ৰতি দেওবাৰে নিয়মীয়াকৈ চলি থাকিব।
কাৰ্যসূচীটো উদ্বোধন কৰে গুৱাহাটী পৌৰ নিগমৰ মাননীয় মেয়ৰ শ্ৰী মৃগেন শৰণীয়া-ই। অনুষ্ঠানত উপস্থিত থাকে ডাঃ বি. বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ সঞ্চালক ডাঃ বিভূতি ভূষণ বৰঠাকুৰ, আৰু শ্ৰী সুভ্ৰাঙশু ৰঞ্জন পালাই, Regional Manager, SBI, কামৰূপ Metro.
Musically UNITED-ৰ আন সদস্যৰ বাহিৰে, বিষয়ববীয়াসকলৰ ভিতৰত উপস্থিত আছিল—
শ্ৰী অনুপ ধৰ – অধ্যক্ষ (Chairman)
শ্ৰী পাৰ্থসাৰথি বেনাৰ্জী – সভাপতি (President)
শ্ৰী সূৰজিৎ অধিকাৰী – সম্পাদক (Secretary)
ইয়াৰ উপৰিও, অহা ১১ জুলাই, ২০২৬ তাৰিখে গুৱাহাটীৰ আইটিএ মছখোৱাত Musically UNITED-ৰ উদ্যোগত ডাঃ বি. বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ শিশু কেঞ্চাৰ ৰোগীসকলৰ সহায়াৰ্থে এখন সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হ’ব। উক্ত অনুষ্ঠানত সংগৃহীত আৰ্থিক সাহায্য ডাঃ বি. বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ সঞ্চালক ডাঃ বিভূতি ভূষণ বৰঠাকুৰ-ৰ হাতেদি শিশু কেঞ্চাৰ ৰোগীসকলৰ অভিভাৱকলৈ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব।
আজিৰ অনুষ্ঠান সফলভাৱে প্ৰচাৰ আৰু সম্প্ৰচাৰ কৰাৰ বাবে উপস্থিত সকলো প্ৰিণ্ট, ইলেক্ট্ৰনিক আৰু ডিজিটেল সংবাদ মাধ্যমৰ সাংবাদিক তথা সংবাদকৰ্মীসকললৈ Musically UNITED-ৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰা হৈছে।
