এছিয়ান ভলীবলত ব্ৰঞ্জৰ পদক লাভ ভাৰতৰ

Pc NDTV Sports

এছিয়ান ভলীবলত ব্ৰঞ্জৰ পদক লাভ ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- আহমেদাবাদৰ বীৰ সাবাৰকাৰ স্প’ৰ্টছ কমপ্লেক্সত ২০ জুনৰ পৰা ২৮ জুনলৈ অনুষ্ঠিত হৈছিল এছিয়ান ভলীবল কনফেডাৰেচন কাপ প্রতিযোগিতা। এই প্রতিযোগিতাত ভাৰতীয় ভলীবল দলে বাহৰেইনক ২৫-২৩, ২৩-২৫, ২৫-২১ আৰু ২৫-১৭ শ্বেটত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ আগতে ভাৰতীয় দলটোৱে মুঠ ৫খন খেল খেলি আটাইকেইখনতে জয়ী হৈ ছেমিফাইনেলত প্ৰৱেশ কৰিছিল। ছেমিফাইনেলত ইণ্ডোনেছিয়াৰ লগত তুমুল প্রতিদ্বন্দ্বিতা আগবঢ়াই ভাৰতীয় দলটো পৰাজিত হয়। প্রথম শ্বেটটোত ভাৰতীয় দলটোৱে ইণ্ডোনেছিয়াক ২৫-১৫ শ্বেটত সহজে পৰাস্ত কৰে যদিও দ্বিতীয় শ্বেট ২৪-২৬ আৰু তৃতীয় শ্বেট ২০-২৫ত ঘৰুৱা দলটো ইণ্ডোনেছিয়াৰ হাতত পৰাজিত হৈ চতুর্থ শ্বেটত পুনৰ ভাৰতীয় দলটোৱে উজ্জীবিত প্রদর্শন দাঙি ধৰি ২৫-১৯ শ্বেটত জয়েৰে সমতা স্থাপন কৰে। দুর্ভাগ্যবশতঃ নির্ণায়ক শ্বেটত ১৩-১৫ শ্বেটত পৰাজিত হৈ ফাইনেলত খেলাৰ সুয়োগ পাবলৈ সক্ষম নহ’ল।