মা
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
অতুলনীয় এক পবিত্ৰ শব্দ— ‘মা’,
যাৰ আঁচলৰ ছায়াত জুৰায় তপ্ত গা।
মা মানে কি?
মা মানেই বুকুৰ গভীৰত অপাৰ সাহস,
জীয়াই থকাৰ এক চিৰন্তন প্ৰেৰণা।
আগুৱাই যোৱাৰ অনাবিল উৎস মা,
জীৱন-আদৰ্শৰ এক অনন্য দিশা;
যিয়ে দেখুৱায় পোহৰৰ শুভ গতি।
মা মানেই এক নিৰাপদ আশ্ৰয়ৰ স্থল,
মা মানেই শক্তি, প্ৰাণৰ কোলাহল।
মা হ’ল শান্তিৰ এক স্নিগ্ধ চানেকী,
দয়াৰ সাগৰ, স্নেহৰ অলকানন্দা।
মা হ’ল দৰদী, হিয়াৰ একোখিলা আমঠু,
মা যে আমাৰ জীৱনৰ পৰম গুৰু।
মা আমাৰ কেতিয়াও নহয় ভীৰু,
মা হ’ল জীৱন-বাটৰ এক সুচল পথ।
মা হ’ল ভাগৰুৱা জীৱনৰ শেষ আশ্ৰয়,
মা মানেই ওঁঠৰ একোটি মিঠা হাঁহি,
মা মানেই হৃদয় জুৰোৱা সংগীতৰ ধ্বনি।
মা হ’ল জননী, মা হ’ল ধৰণী,
মা হ’ল পৃথিৱী, মা হ’ল জন্মদাত্ৰী।
মা মানেই সমগ্ৰ বিশ্বৰ সমস্ত সত্তা,
মা মানেই অভ্যস্ত স্নেহৰ আশীৰ্বাদ।
মা মানেই কৰ্মফল, মা মানেই সৃষ্টি,
মা আদি, মা অনাদি, মা প্ৰেমৰ বৃষ্টি।
মা মানেই আমাৰ অতীতৰ সোণালী স্মৃতি,
বৰ্তমানৰ সাহস আৰু ভৱিষ্যতৰ আৰাধনা।
