কৰ্মই ধৰ্ম মনা
হে’ মহান জাতি
কি কৰিলি? কি কৰিছ?
জীৱশ্ৰেষ্ঠৰ মুকুট নিজে পিন্ধি…..
সকলো বস্তুৰে থাকে
ধৈৰ্য্যৰ এটি সীমা,
নিজ কৰ্মৰে নকৰিবি
পানীত হাঁহ নচৰা৷
সত্য, ত্ৰেতা, দ্বাপৰ যোৱাত
কলিযুগ আহিল,
মানৱ কৰ্মই চৌপাশ
বিধবস্ত কৰিল৷
চৌদিশে দেখোঁ প্ৰযুক্তিৰ নামত চলা
প্ৰকৃতিৰ ওপৰত নিষ্ঠুৰ বৰ্বৰতা
অসুস্থ প্ৰকৃতিৰ মূলত আজি
নহয়নে আমাৰ গাফিলতা?
ত্যাগ, কষ্টৰ মাজেৰে
সকলোৰে কথা ভাবি
পৰিবেশহিতৈশী কৰ্মৰেহে
হ’ব ইয়াৰ পৰিসমাপ্তি৷