অনাকাংক্ষীত – প্ৰভাত বণিয়া

Pc StockCake

অনাকাংক্ষীত

প্ৰভাত বণিয়া

দুশ্চিন্তাত দহিছে মন
অশালীন কথা বতৰা অসামাজিক আবহাৱা
যুঁজৰ কুকুৰা
অনবৰত
‘যুদ্ধং দেহি’ ছাল চলন
কুটিল ৰণচালি

জ্বলি পুৰি ছাই হয়
মা মাটি মানুহ

ক্ষণিকৰ ভোজ খাওতা নাই
উৎকণ্ঠা অনাহাৰ অনিদ্ৰা

নোদোকা হয় ৰজা-মহাৰজা
লগুৱা-লিকচৌ
থৰহৰি কম্পমান দুঃখিত জীৱন
হয়তো বাজিব পাৰে ছাইৰেন
ছানি ধৰিব আকৌ
ঘৰ পদূলি ৰাস্তা-ঘাট

যুদ্ধৰ কৰাল বিভীষিকা।