জীয়াই থকাৰ জয়গান
বনজিত দাস
ৰিহাবাৰী, বজালী
গাব নেকি জয়গান
নতুন গান
কিদৰে গাবগৈ জীয়াই থকাৰ সংগ্ৰাম
পাতিব পাৰো নে হৃদয়ত
এটা দিৱস
পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ
য’ত আছে কৰ্মৰ স্থান
গাই দিব নেকি জয়গান
সাপ হৈ খুতিব নেকি ?
নে বেজ হৈ জাৰিব
কোনে কি গোৱা জীৱনৰ গান
গছ ৰোপণ কৰিব সহজ
পালন কৰিবলৈ মহা জঞ্জাল
পানী দিয়াত লগাই পয়মাল
শব্দটো মস্ত ৰসাল
গাব নেকি বাৰু জয়গান
মানুহ জীয়াই থকাৰ বাবে গান
হাতে হাত ধৰি
গঢ়িম সেউজ পৃথিৱী
নেলাগে তেনে গান
য’ত শিপা খান্দি অট্টালিকা সাজে
গছক দিয়ে কবৰ
পাতো আমি এটা দিৱস
যিটো কৰ্মৰে
গছক দিব প্ৰাণ ।
