মানৱসৃষ্ট জলপ্লাৱন
দুলুমণি দেৱী,মাকুম
অসমত জলপ্লাৱন হোৱাৰ কাৰণ অত্যাধুনিক আধুনিকতাৰ পৰশ জলবান্ধ নিমার্ণ যিয়ে জলআতংক সৃষ্টি কৰিছে ৷বিকশিত অসম গঢ়িবলৈ গৈ প্রকৃতিৰ ওপৰত কিমান অত্যাচাৰ কৰা হৈছে এবাৰ সকলোৰে ভাবিবৰ সময় আহি পৰিছে৷ নদী নিজৰ গতিত ধাৰাবাহিকভাবে অবিৰত বৈ থাকে ,তাৰ পৰা কাৰো অপকাৰ নহয় ,সেই নদীৰ ওপৰত বান্ধ দিবলৈ গৈ যিমান খিনি লাভ হৈছে বুলি ভৱা হৈছে তাতকৈ অতি বেচি কষ্ট ভোগ কৰিব লগা হৈছে তাৰ উদাহৰণ বর্তমান তিনিখন জিলাত হৈ যোৱা জলআতংকই প্রমান কৰিছে
আটাইতকৈ ডাঙৰ কথা এয়ে যে যিটো জলবোমা চীনে নিজৰ দেশখন পোহৰাই ৰাখিবৰ বাবে কাম ইতিমধ্যে কৰি আছে সেয়া সম্পুৰ্ণ হৈ উঠিলে অসমলৈ ভয়াবহ বিপদ নামি আহিব ৷ এয়াই যদি বাস্তৱ হয় সোণৰ অসমৰ অস্তিত্ব ক’ত থাকিব ? চীনে নিমাৰ্ণ কৰিছে বিপদসংকুল বৃহৎ নদীবান্ধ ৷বিদ্যুৎ উৎপাদন কৰিব বান্ধটোৱে ৷ দৈনিক300 বিলিয়ন কিলোৱাট বিদ্যুৎ উৎপাদন কৰিব বান্ধটোৱে ৷ আৰু চীন দেশ পোহৰাই তুলিব ৷ অন্যহাতে উত্তৰ পুর্বাঞ্চলৰ ভৱিষ্যৎ কি হ’ব ? পানীৰে চৌদিশ ওপচি পৰিব ৷তীব্বতত নির্মাণ কৰি থকা হৈছে এই নদীবান্ধটো ৷ য়াৰলুং চাংপুৰ ওপৰত নির্মাণ কৰা মেডং মেগাডেম প্রজেক্টৰ কাম চলি আছে ৷ ভাৰতৰ সীমাৰ পৰা মাত্র 50 কিলোমিটাৰ আতৰত নির্মীয়মান এই জলবান্ধে পানী এৰিলে কিমান আতংকময় পৰিবেশে বিৰাজ কৰিব ৷ চীনৰ লগত ভাৰতে আলোচনাৰ মাধ্যমেৰে এই সমস্যা সমাধান কৰক ৷
অসমখনক কেউফালৰ পৰাই যেন সমস্যাই ছানি ধৰিছে ৷ এটাৰ পাছত অন্য এটা সমস্যাই অসমৰ অৰ্থনীতিত প্রভাৱ পেলাইছে ৷ কৰোণা ৰোগ ,কভিদৰ উদ্ভৱ চীন দেশতেই ৷ যিয়ে নেকি ভয়াবহ পৰিস্থিতি সৃষ্টি কৰি অসমৰ অর্থনীতিৰ ওপৰত বেয়াকৈ প্রভাৱ পেলালে ৷ তাৰ পাছত বানপানীৰ সমস্যা ,গতিকে মানুহ স্বাৱলম্বী হব কেনেকৈ ? অসম যিহেতু এখন কৃষিপ্রধান ৰাজ্য ,গতিকে খেতি কৰিবৰ সময়ত নীপকোৱে পানী এৰি দিয়ে ,গেট খুলি দিয়ে ,এবাৰ কৃষকৰ কথা ভাবি চাইনে ? এই দিশবোৰ বিল্লেষণ নকৰাকৈ নদীবান্ধ কিয় লাগে ৷বিদ্যুৎ উৎপাদনে কৃষকক কিমান স্বাৱলম্বী কৰি তুলিব ৷
