মানুহবোৰ ইমান বেপৰোৱা হৈ পৰিছে-ফখৰুদ্দিন আহমেদ

Pc-medium

মানুহবোৰ ইমান বেপৰোৱা হৈ পৰিছে-ফখৰুদ্দিন আহমেদ

কেইদিনমান পুৰ্বে সদৌ অসম গৰিয়া , মৰীয়া , দেশী জাতীয় পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি , সম্প্ৰতি মুখ্য উপদেষ্টা , অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য আৰু মুখপাত্ৰ শ্ৰদ্ধাৰ চহিৰ ভূঞা দাদাই মোলৈ ফোন কৰি সাম্প্ৰতিক কভিড ১৯ ৰ পৰিস্থিতি সম্পৰ্কত আলোচনা কৰিছিল। সময় আছিল সন্ধিয়া। সৌভাগ্যক্ৰমে সিদিনাখনে মই দিনৰ ১২-৩০ বজা মানত মঙ্গলদৈস্থিত অসম মেডিকেল হললৈ ঔষধ আনিবলৈ গৈছিলো। সেই সময়ত দেখিছিলো যে মঙ্গলদৈ চহৰৰ মাজমজিয়াত থকা দোকান-পোহাৰ সম্পুৰ্ন বন্ধ আৰু ৰাস্তাই ঘাটে মানুহ পাবলৈ নাই।মাত্ৰ ফাৰ্মাচী কেইখনহে খোলা আছে। তাতো মানুহৰ পয়োভৰ নাই। ফোনত প্ৰসংগক্ৰমে মই চহিৰ দাক কথাখিনি অবগত কৰিলো। শুনি তেখেতে উচপ খাই উঠাৰ দৰেই উত্তৰ দিলে ” তুমি দিনৰ ১১-০০ বজাৰ পুৰ্বে মঙ্গলদৈ আহি পালে সম্পুৰ্ন বিপৰীত অবস্থা দেখা পালাহেতেন”। মই বিশ্বাস কৰিবলৈ বাৰুকৈয়ে টান পালো।তাতে তেখেতে কভিড প্ৰ’টকল বাৰুকৈয়ে মানি চলে। মই ভাবিছিলো হয়তু তেখেতক কোনোবাই কোৱাৰ কাৰনেহে মোকো কৈছে।
পিছে পুনৰ ঔষধ আনিবলৈ যোৱাৰ পাল পৰিল মঙ্গলদৈৰ অসম মেডিকেল হললৈ। ভাবিলো ৰাতিপুৱা ০৯-৩০ বজা মানৰ পুৰ্বে পোৱাকৈ যাম। ইং ০১ মে ,২০২১ মঙ্গলবাৰে ৰাতিপুৱা ০৯-৪৫ বজাত মঙ্গলদৈ পালোগৈ পুৰ্বে কৰা প্ৰস্তুতি মতে। মঙ্গলদৈ চহৰৰ মাজমজিয়াত থকা বৰ মছজিদৰ পৰা প্ৰায় ৩০ মিটাৰ দুৰত্বত থকা অসম মেডিকেল হললৈ বিখ্যাত ৰিপ’জ হোটেলৰ সমূখেৰে গৈ পাওতে সময় লাগিল আধা ঘন্টাৰ ওপৰত। বাইক , গাড়ী আৰু মানুহৰ অবাঞ্চিত ভীৰ। ক’তো কভিড প্ৰ’টকল দেখিবলৈ নাপালো। এগৰাকী হোমগাৰ্ড আৰু তিনি/চাৰি গৰাকী আৰক্ষীৰ লোক দেখিলো। সৰ্ব সাধাৰন মানুহ সকলোৰেই ধাৰনা যেন দিনৰ ১১-০০ বজাৰ পুৰ্বে কভিড ১৯ ৰ সংক্ৰমন বন্ধ।
মঙ্গলদৈৰ ৰাস্তাই ঘাটে মানুহেই মানুহ। কাৰন দিনৰ ১১-০০ বাজিবলৈ তেতিয়াও বহুত সময় বাকী। ইফালে মঙ্গলদৈলৈ গৈ থাকোতেই আন কিছুমান অভিজ্ঞতা লাভ কৰি গৈছো। কভিড ১৯ ৰ পৰিস্থিতিত সাপ্তাহিক বজাৰ বন্ধ থাকিব লাগে। কিন্তু ছিপাঝাৰৰ বৰদৌলগুৰিত পুৰ্বৰ মঙ্গলবৰীয়া বজাৰ খনৰ এটি বজাৰৰ পৰিবেশ ইতিমধ্যেই গঢ় লৈ উঠিছে। তাৰ পিছত দৰং জিলাৰ আউলাচৌকাৰ অন্তৰ্গত পিপিৰা দোকান চ’ক আৰু আউলাচৌকাত বজাৰেই বহিছে। নাই কোনো সামাজিক দূৰত্ব , বেছি ভাগৰেই মুখত মাস্ক নাই আৰু দোকানবোৰৰ সমূখত নাই চাবোনেৰে হাত ধোৱাৰ ব্যবস্থা।কিন্তু সকলোৱে উৎসবমুখৰ পৰিবেশত সামগ্ৰী বেচা-কিনাত ব্যস্ত। নহ’লে যে দিনৰ ১১-০০ বাজিব।
মানে এক কথাত উল্লেখ কৰিবলৈ গ’লে শ্ৰদ্ধাৰ চহিৰ দাৰ বৰ্ননা সম্পুৰ্ন সত্য।
তাৰোপৰি নিউজ চেনেল আৰু চ’চিয়েল মেডিয়াত অসমৰ ভিভিন্ন প্ৰান্তত মানুহৰ মাজত চলা খাদ্য সামগ্ৰীৰ বেচা-কিনাৰ প্ৰচাৰিত ভিডিঅ’ আৰু ফটোবোৰে ইতিমধ্যেই প্ৰতিপন্ন কৰিছে যে সৰ্ব সাধাৰন মানুহবোৰ কভিড ১৯ ৰ সংক্ৰমনৰ ক্ষেত্ৰত যিমান সজাগ আৰু সচেতন হ’ব লাগে সিমান হোৱাটো নায়েই বৰঞ্চ ওলোটাকৈ কভিড ১৯ ৰ সংক্ৰমন হ’ব পৰাকৈ পৰিবেশ গঢ়াত সহায়হে কৰিছে।
সৰ্বসাধাৰন মানুহৰ হিতাৰ্থে জীৱন উচৰ্গা কৰা আৰক্ষী প্ৰশাসনৰো দায়িত্ব অসীম।তেখেত সকলে দিনৰ ১১-০০ বজাৰ পিছত যিধৰনে দায়িত্ব পালন কৰিছে তাৰ বাবে তেখেত সকল কৃতজ্ঞতা আৰু ধন্যবাদৰ পাত্ৰ। ইয়াৰোপৰি দিনৰ ১১-০০বজাৰ পুৰ্বেও কভিড প্ৰ’টকল বিশেষকৈ সামাজিক দূৰত্ব , মূখত মাস্ক পিন্ধা আৰু হাত চেনিটাইজ কৰা লগতে প্ৰত্যেক দোকানত চাবোনেৰে গ্ৰাহক সকলৰ হাত ধোৱাৰ ব্যবস্থাটোৰ তদাৰক কৰিলে সকলো শ্ৰেনীৰ লোকেই উপকৃত হ’ব পাৰিব।
সৰ্ব সাধাৰন মানুহৰো কৰনীয় আছে। বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগে যিকোনো মুহূৰ্তত ভাৰতবৰ্ষত কভিড ১৯ ৰ তৃতীয় পৰ্যায় আৰম্ভ হ’ব পাৰে বুলি সতৰ্কবানী প্ৰচাৰ কৰি থকাৰ পিছতো উৎসবমুখৰ পৰিবেশত নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ মানসিকতাই কি সূচায় ? প্ৰয়োজনীয় খাদ্য তথা আন সামগ্ৰী কিনিবও লাগিব কিন্তু হেচা ঠেলাকৈ উৎসবমুখৰ পৰিবেশত নহয় ।কভিড প্ৰ’টকল মানি নিজেও সুৰক্ষিত থাকিব লাগিব লগতে আন মানুহবোৰো সুৰক্ষিত হৈ থাকিব লাগিব।
মানুহ খাবৰ কাৰনে জীয়াই আছে নে জীয়াই থাকিবলৈ খোৱাৰ ব্যবস্থা কৰে? নিশ্চয় দ্বিতীয়টোৱেই সত্য। কিন্তু চহৰ , নগৰ , বজাৰবোৰত সকলো শ্ৰেনীৰ মানুহৰ কভিড ১৯ ৰ ভয়াবহ সংক্ৰমনৰ পৰিবেশত যি বেপৰোৱা স্বভাব দেখিবলৈ পোৱা গৈছে তাৰ দ্বাৰা ধাৰনা কৰিব পাৰি অসম চৰকাৰ বা অসমৰ স্বাস্থ্য বিভাগে বিচৰা ধৰনে সহযোগিতা সৰ্ব সাধাৰনে আগবঢ়োৱা নাই , যাৰ ফলত পৰিস্থিতিৰ সাময়িক ভাবে উন্নতি ঘটিলেও যিলোনো মুহূৰ্তত ভয়াবহতাৰ ফালে যাব পাৰে।যিটো কথা কোনো মানুহেই কিন্তু কামনা নকৰে।সেয়ে উচিত সাবধানতা অবলম্বন কৰা সৰ্ব স্তৰৰ মানুহৰ সম্প্ৰতি দায়িত্ব আৰু একান্ত কৰ্তব্য হৈ পৰিছে।