মানবতাৰ বধ্যভুমিলৈ পৰ্যবসিত পেলেষ্টাইন – ফখৰুদ্দিন আহমেদ

মানবতাৰ বধ্যভুমিলৈ পৰ্যবসিত পেলেষ্টাইন

ফখৰুদ্দিন আহমেদ

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানিৰ একছত্ৰী শাসক এডলফ হিটলাৰে তেখেতৰ নাজীবাহিনীৰ সহযোগত সমগ্ৰ পৃথিবীৰ পৰা ইহুদী জাতিৰ বিলুপ্তিকৰন প্ৰক্ৰিয়াৰ সমাপ্তি ঘোষনা কৰি কৈছিল যে তেও ইচ্ছা কৰিলে সমগ্ৰ পৃথিবীত থকা ইহুদী জাতিক হত্যাৰে শেষ কৰিব পাৰিলে হেতেন।কিন্তু নকৰিলে ।কাৰন স্বৰূপে কৈছিল যে ভবিষ্যতে ইহুদী জাতিৰ প্ৰকৃত স্বৰূপ চিনি ল’ব পাৰে।সেই সময়লৈ এডলফ হিটলাৰৰ উদ্যোগত প্ৰায় ষাঠি লক্ষাধিক ইহুদীক হত্যা কৰা হৈছিল ।এই বিশেষ হত্যাযজ্ঞ সংঘটিত হৈছিল ইং ১৯৩৭ চনৰ পৰা ইং ১৩৯ চনৰ ভিতৰত।
এডলফ হিটলাৰৰ জাৰ্মানিৰ হত্যাযজ্ঞৰ পৰা ৰক্ষা পৰা কেই গৰাকীমান জীৰ্ন শীৰ্ন আৰু দুৰ্বল ৰুগীয়া ইহুদী লোক জাহেজেৰে সাগৰীয় পথেৰে আহি ইং ১৯৪০চনত উপস্থিত হৈছিলহি আৰবীয় দেশ পেলেষ্টাইনত আৰু পেলেষ্টাইনবাসীৰ ওচৰত প্ৰান ভিক্ষা কৰি পুনৰ জাৰ্মানীলৈ ঘুৰাই নপঠাবলৈ অনুৰোধ জনাইছিল। পেলেষ্টাইনবাসীয়ে ইহুদী সকলক সহায় কৰাৰ মানসেৰে তেওলোকক পেলেষ্টাইনৰ গাজা অঞ্চলত আশে পাশে বসবাস কৰিবলৈ অনুমতি প্ৰদান কৰিছিল। অবশ্যে পেলেষ্টাইনবাসীয়ে কৰা সেই সহায় পিছলৈ নিজৰ অস্তিত্বৰ ওপৰত ডাঙৰ প্ৰশ্ন হৈ দেখা দিছিল। ইহুদী সকলে পেলেষ্টাইনত ওচমানীয় শাসন কালৰ শেষ পৰ্যায়ত পৃথিবীৰ বিভিন্ন দেশত থকা ইহুদী সকলক ইংৰাজ সকলৰ সহযোগত পেলেষ্টাইনৰ আশ্ৰয় স্থলত সমবেত কৰি ইং ১৯৪৫ চনৰ পিছৰ সময়চোৱাত নতুন ইহুদী ৰাষ্ট্ৰ ইজৰাইলৰ জন্ম দিয়ে ইতিপুৰ্বৰ পৰা পেলেষ্টাইনৰ ৰাজধানী হিচাপে স্বীকৃত জেৰুজালেম দখল কৰে লগতে বিশ্বৰ মুছলমানৰ পবিত্ৰ তীৰ্থস্থান হিচাপে মছজিদুল আকছাও দখলদাৰীত নিয়ে। ফলত ইহুদী জাতিৰ বিপদৰ সময়ত আশ্ৰয়দাতা হিচাপে মহানুভবতা প্ৰদৰ্শন কৰা পেলেষ্টাইনবাসীৰ লগত পোনপটীয়া সংঘৰ্ষৰ সূচনা হয়।
প্ৰব্ৰজিত ইহুদী সকলৰ দেশ ইজৰাইলৰ উত্থানৰ ক্ষেত্ৰত আমেৰিকাকে ধৰি ইউৰোপীয় দেশ সমূহৰ অবদান বিশ্চাৰ্যৰ বিষয়। কাৰন ইহুদী সকলে প্ৰব্ৰজন কৰি আহি ইজৰাইল ৰাষ্ট্ৰ গঠন পুৰ্বৰ পৰা সম্প্ৰতি বিতৰ্কিত গাজা অঞ্চল আৰু মছজিদুল আকছা পেলেষ্টাইনৰ অন্তৰ্গত আছিল। এই ইমান সহজ আৰু সৰল বিষয়টিকে স্পষ্ট ৰূপত দাঙি ধৰি ইচ্ছা কৰিলে ৰাষ্ট্ৰ সংঘ তথা স্থায়ী সদস্যৰাষ্ট্ৰ বিশেষকৈ আমেৰিকাই পেলেষ্টাইনৰ এই সমস্যাটি কোন কাহানিবাই শেষ কৰিব পাৰিব হেতেন। কিন্তু কৰা নাই।
চলিত বৰ্ষৰ ৰমজান মাহৰ কদ্বৰৰ ৰাতিত শান্তিপ্ৰিয় ভাবে মছজিদুল আকছাত নমাজৰত পেলেষ্টাইনবাসীৰ ওপৰত নিৰ্বিচাৰ গুলী চালনাৰে ইজৰাইলৰ সেনাবাহিনীয়ে সংঘটিত কৰা হত্যাৰ আঁৰত কি অভিপ্ৰেত উদ্দেশ্য সোমাই আছে আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ জগত খনিৰ কোন কোন বৃহৎ শক্তিয়ে ইজৰাইলক সাহস দিছে সেইবোৰ ইতিমধ্যে বেলিৰ পোহৰৰ দৰে প্ৰকাশ হৈ পৰিছে।
বিশ্বৰ মুছলমান দেশ সমূহৰ ভিতৰত পোনপটীয়াকৈ মাত দিছে তুৰস্কই আৰু আৰব দেশ সমূহৰ এই ক্ষেত্ৰত প্ৰত্যক্ষ পেলেষ্টাইন উপকৃত হ’ব পৰা নীতি পৰিলক্ষিত হোৱা নাই। কাৰন স্বৰূপে উল্লেখ কৰিব পাৰি যে আৰবীয় দেশ সমূহৰ আমেৰিকাৰ লগত থকা সৌহাৰ্দ্য পুৰ্ন সম্পৰ্ক। আমেৰিকাই সম্প্ৰতি পোনপটীয়াকৈ পেলেষ্টাইনকহে আক্ৰমন বন্ধ কৰিবলৈ অনুৰোধ জনাই আছে আৰু যুদ্ধ বন্ধ কৰাৰ কৌশল ৰচনা কৰি আছে বুলি জনাইছে।
সম্প্ৰতি পোনপটীয়াকৈ পেলেষ্টাইনৰ স্বাধীনতা সংগ্ৰামী সংস্থা হামাছ আৰু ইজৰাইলৰ মাজত সংঘটিত যুদ্ধত ৰাষ্ট্ৰ সংঘৰ এখনি স্থায়ী সদস্য ৰাষ্ট্ৰ চীনে পেলেষ্টাইনৰ পক্ষত বক্তব্য প্ৰদান কৰিছে। নিউজিলেন্ডৰ প্ৰধানমন্ত্ৰীয়ে গাজা আৰু মছজিদুল আকছাৰ ইজৰাইলী অনধিকাৰ দখল সম্পৰ্কত স্পষ্ট বক্তব্য প্ৰদান কৰিছে। ইফালে উত্তৰ কোৰিয়াৰ কিম জং উনে আৰু এখোপ ওপৰলৈ গৈ আন্তঃৰাষ্ট্ৰীয় মহলত মন্তব্য কৰিছে যে এয়া ইজৰাইলী বাহিনীৰ অনধিকাৰ দখল। তেওলোকে এই অনধিকাৰ দখল এৰি দিয়াই শ্ৰেয় । নহ’লে হয়তু ভবিষ্যতে পৰিস্থিতি অধিক বিষময়।
আমাৰ দেশ ভাৰতবৰ্ষই তাহানিৰ পৰাই পেলেষ্টাইনৰ মুক্তি সংগ্ৰামক সমৰ্থন জনাই আহিছে। বৰ্তমান সময়তো পেলেষ্টাইনত ইজৰাইলে কৰি থকা অবৈধ দখলদাৰিত্বৰ বিপৰীতে দুই দেশ একসীমা নীতি প্ৰয়োগৰ বিধি প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছে। সম্প্ৰতি ভাৰত পেলেষ্টাইনৰ পক্ষত থিয় হৈ আছে বুলি জনাইছে।
সভ্যতাৰ চূড়ান্ত শিখৰত মানবজাতিয়ে অবস্থান কৰাৰ সময়ত এটুকুৰা মাটিৰ কাৰনে এনে নৰসংহাৰকাৰী সভ্যতা ধ্বংশকাৰী যুদ্ধ কোনো মানবতাবাদী দেশে নিবিচাৰে। কিন্তু ইজৰাইলে সাম্প্ৰতিক যুদ্ধৰ সময়ত ডেকা , বুঢ়া , নাৰী , শিশু সকলোৰে ওপৰত মৃত্যুৰ মেলা পাতি দিয়া কাৰ্যক গৰিহনা দিয়া উচিত। বিশেষকৈ গাজাত উচ্ছেদ অভিযান চলোৱাৰ নামত ইজৰাইলী বাহিনীয়ে নাৰী আৰু শিশু সকলক গাড়ীত ভৰাই লৈ যোৱা কাৰ্য দুৰ্ঘোৰ মানবাতাবাদ বিৰোধী। এই সকল অপহৃতক ক’ত কি কৰা হৈছে কোনো নিউজ চেনেলতেই জানিব পৰা হোৱা নাই।
ৰাষ্ট্ৰ সংঘ , মুছলমান দেশ সমূহ আৰু বিশ্বৰ শান্তিপ্ৰিয় দেশ সমূহে একেমুখে উদ্যোগ ল’লে হয়তু যুদ্ধ খন বন্ধ হোৱাৰ আশা কৰিব পাৰিব পাৰি অন্যথা লাহে লাহে বিশ্ব খনক তৃতীয় বিশ্বযুদ্ধলৈ ঠেলি দিয়াহে হ’ব।

মোবাইল নং-৮৬৩৮৩১২৭০৭