মাটিৰ ৰাজহ বিভাগৰ প্ৰস্তাৱ অনুসৰি কামৰূপ মহানগৰ জিলাৰ ৭০ৰ পৰা ৩০০ শতাংশলৈ মাটিৰ মূল্য বৃদ্ধি

Pc ETvBharat

মাটিৰ ৰাজহ বিভাগৰ প্ৰস্তাৱ অনুসৰি কামৰূপ মহানগৰ জিলাৰ ৭০ৰ পৰা ৩০০ শতাংশলৈ মাটিৰ মূল্য বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা- জিলা পৰ্যায়ত পৃথকে পৃথকে ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও অনুসৰি মূল্য বৃদ্ধি হ’ব মাটিৰ ৰাজহ বিভাগৰ প্ৰস্তাৱ অনুসৰি কামৰূপ মহানগৰ জিলাৰ ৭০ৰ পৰা ৩০০ শতাংশলৈ মাটিৰ মূল্য বৃদ্ধি হ’ব। ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা মাটি, বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰা মাটি, আৱাসিক কামত ব্যৱহাৰ কৰা মাটি, কৃষি ক্ষেত্ৰত ব্যৱহাৰ কৰা মাটি আৰু চাহ বাগিচাৰ বাবে ব্যৱহাৰ কৰা মুঠ ৫টা শ্ৰেণীত সুকীয়া সুকীয়াকৈ নতুনকৈ মাটিৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে। ৰাজহ বিভাগৰ তৰফৰ পৰা ইতিমধ্যে প্ৰতিখন জিলাৰ উপায়ুক্তক যোৱা ২৯ ডিচেম্বৰত এক নির্দেশযোগে এই বিষয়ে অৱগত কৰা হৈছে। সেই নির্দেশৰ পাছতেই কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই এক নির্দেশযোগে জিলাখনৰ গুৱাহাটী, দিছপুৰ, সোণাপুৰ, চন্দ্ৰপুৰ আৰু আজাৰা অঞ্চলৰ প্ৰস্তাৱিত মাটিৰ মূল্যৰ তালিকা প্রকাশ কৰে। চৰকাৰে নতুনকৈ মূল্যায়ন কৰিব বিচৰা মাটিৰ মূল্যৰ ক্ষেত্ৰত কোনো নাগৰিকক কোনো আপত্তি থাকিলে অহা ১০ জানুৱাৰীৰ ভিতৰত লিখিতভাৱে আপত্তি দৰ্শাবলৈ নিৰ্দেশটোত কোৱা হৈছে।