মাটিৰ মানুহজন গ’লগৈ – প্ৰাৰ্থনা সন্দিকৈ, মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয় ডিব্ৰুগড়

pc-times8

সদৌ অসম ছাত্ৰ সমাজে মহীৰূপ শ্ৰদ্ধাস্পদ হোমেন বৰগোহাঞি ছাৰৰ স্মৃতিত আয়োজন কৰা কবিতা লিখা প্ৰতিযোগিতা ৰ ফলাফল সমূহৰ স্থান প্ৰাপ্ত কবিতা সমূহ – 

প্ৰথম স্থান‌ প্ৰাপ্ত কবিতা – 

মাটিৰ মানুহজন গ’লগৈ – প্ৰাৰ্থনা সন্দিকৈ

জীৱনৰ জটিল কথাবোৰ সৰল কৰি
খোকোজা নলগাকৈ বুজাই দিয়া
মাটিৰ মানুহজন গ’লগৈ
কোনোদিনেই উভতি নহাৰ প্ৰতিশ্ৰুতিৰে
তৰাৰ দেশলৈ।

সাহিত্যৰ সাগৰত মেলি দিয়া নাওখনিৰে
ভটিয়াই গ’লগৈ তেওঁ,
অসম্ভৱক সম্ভৱ কৰাৰ দুৰ্বাৰ হেঁপাহ আছিল তেওঁৰ
প্ৰজ্ঞাৰ সাধনাৰে জিনিছিল সকলোৰে হৃদয়।

সিদিনা আহিছিল তেওঁ
চাৰিকড়ীয়াৰ চিনাকী চুবুৰীলৈ,
আপোন আপোন গন্ধই লৈ গৈছিল নৈৰ কাষৰ সেই সৰিয়হৰ দলিছালৈ;
হালধীয়াৰ সতে কথা পাতিছিল বহু সময়,
জীৱন জীয়াৰ,
নীৰৱে,অকলে।

তেখেতৰ কলমত আছিল এক সঞ্জিৱনী শক্তি,
সাহস আছিল অসম আৰু অসমীয়াৰ।

উকা হৈ পৰিল এখন বেলি যেন চোতাল,
সাহিত্যত বোলাব নোৱাৰে আৰু কেতিয়াও হেঙুল-হাইতাল।

তৰাৰ দেশত কুশলে থাকক মানুহ হ’বলৈ শিকোৱা মাটিৰ মানুহ,
যুগে যুগে অমৰ হৈ ৰওক হে মহান পুৰুষ।

✍️প্ৰাৰ্থনা সন্দিকৈ
স্নাতক দ্বিতীয় ষান্মাসিক
অসমীয়া বিভাগ
মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়
ডিব্ৰুগড়