মহম্মদ ছামীৰ ডাঙৰ কৃতিত্ব আইচিচি ফাইনেলত

  1. মহম্মদ ছামীৰ ডাঙৰ কৃতিত্ব আইচিচি ফাইনেলত

অনলাইন বার্তাসেৱা: বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত (World Test Championship Final)) টীম ইণ্ডিয়াৰ তাৰকা পেচাৰ মহম্মদ ছামীয়ে ডাঙৰ অভিলেখ গঢ়িছে।  চূড়ান্ত খেলখনৰ প্ৰথম ইনিংছত ৪ টা উইকেট লৈ মহম্মদ ছামীয়ে নামত এটা ডাঙৰ কৃতিত্ব যোগ কৰিছে। আইচিচি টুৰ্ণামেণ্টৰ ফাইনেলত ভাৰতৰ হৈ এটা ইনিংছত ৪ টা উইকেট লোৱা মহম্মদ ছামী প্ৰথম জন বলাৰ হৈ পৰিছে। মহম্মদ ছামীয়ে এই ক্ষেত্ৰত মহিন্দৰ অমৰনাথ, জাহিৰ খান, আৰ পি সিং আৰু ইৰফান পাঠানৰ দৰে প্ৰাক্তন সকলক অতিক্ৰম কৰিছে, ১৯৮৩ চনৰ বিশ্বকাপৰ ফাইনেলত মহিন্দৰ অমৰনাথে ১২ ৰাণত ৩ উইকেট দখল কৰিছিল।