মণিপুৰৰ ভূমিস্খলনত নিহত অসমৰ লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি

Pc The Hindu

মণিপুৰৰ ভূমিস্খলনত নিহত অসমৰ লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা-  মণিপুৰৰ সংঘতিত হোৱা ভূমিস্খলনত নিহত হোৱা অসমৰ লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে। তেওঁ কয় যে টুপুল ৰে’লৱে য়াৰ্ড নিৰ্মাণ ক্ষেত্ৰত শ্ৰমিক হিচাপে নিয়োজিত অসমৰ মৰিগাঁও জিলাৰ দুজন লোকৰ মৃতদেহ সোমবাৰে ধ্বংসাৱশেষৰ তলৰ পৰা উদ্ধাৰ কৰা হয়। অসমৰ আন ছয়জন লোক এতিয়াও সন্ধানহীন হৈ আছে, বিষয়াজনে লগতে কয়।