মঙলদৈত প্ৰিমিয়াৰ ক্লাব ক্ৰিকেটৰ ফাইনেলত শান্তিপুৰ সংঘ

Pc NDTV Sports

মঙলদৈত প্ৰিমিয়াৰ ক্লাব ক্ৰিকেটৰ ফাইনেলত শান্তিপুৰ সংঘ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম ক্ৰিকেট সন্থাৰ উদ্যোগত মঙলদৈ ষ্টেডিয়ামত চলি থকা প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট লীগ প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত শান্তিপুৰ সংঘই উইনাইটেড ক্লাবক পাঁচ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰথমে বেটিং কৰি ইউনাইটেড ক্লাবে ৩৪.১ অভাৰত ১৩৭ ৰান কৰি অল আউট হয়। দলৰ বিক্ৰম ৰয়ে ৩৮, মাছুম মহম্মদ আযিফে ২১, প্ৰণিত দেই ১৫ ৰান কৰাৰ বিপৰীতে শান্তিপুৰৰ এছ কে জ্ঞানমে ১০ ৰানত তিনিটা, ৰাজীৱ কলিতাই ১৩ ৰানত তিনিটা, ৰঞ্জন কুমাৰ ৰামছিয়াৰীয়ে ২৪ ৰানত দুটা উইকেট পায়। প্ৰত্যুত্তৰত শান্তিপুৰ সংঘই ১৩৮ ৰানৰ টাৰ্গেট আগত লৈ দৃঢ়তাৰে খেলি ২৬.১ অভাৰতেই পাঁচ উইকেটৰ মিনিময়ত বিজয় লক্ষ্য অতিক্ৰম কৰে। দলৰ ভাস্কৰ কলিতাই (অপৰাজিত) ৩২, অমিত আগৰৱালাই ৩০, হিৰক দাসে (অপৰাজিত) ২১, হাছান আহমেদে ১৮, ৰাজীৱ কলিতাই ১৫ ৰানৰ বৰঙণি আগবঢ়া। ইউনাইটেড ক্লাবৰ চাহিদ আছিফে দুটা, মমিনুল হক আৰু প্ৰণিত দেই এটাকৈ উইকেট পায়। আজিৰ খেলখনত শান্তিপুৰ সংঘৰ ৰাজীৱ কলিতাই মেন অৱ দ্য মেছ লাভ কৰে। কাইলৈ শান্তিপুৰ সংঘই শক্তি সংঘৰ বিৰুদ্ধে ফাইনেল খেলত অৱতীৰ্ণ হ’ব।