ভোগালীত তোমাৰেই প্ৰতীক্ষাত-সংগীতা সাগ্পনা শৰ্মা

Pc Time8

ভোগালীত তোমাৰেই প্ৰতীক্ষাত

সংগীতা সাগ্পনা শৰ্মা

অ’ বিদেশী বন্ধু
আহিবাচোন এপাক
মোৰ সেউজীয়া গাওঁখনলৈ……

মোৰ দদায়ে বাৰীৰে হোলাটোত
জহা ধানৰ খেতি পাতিছিল।
জহা জহা পথাৰখনৰ সুগন্ধ লবলৈ
আহিবা বন্ধু এপাক মোৰ গাওঁখনলৈ….

ৰ’দচাটি পশ্চিমলৈ থেও ধৰিলেই…
জেংখৰিৰ জুইত বাঁহৰ চুঙাত
জহা জলপানৰ সোৱাদ লবলৈ
আহিবা বন্ধু এপাক মোৰ পঁজালৈ।

মোৰ আইতাই যোৱাবেলিতে ন পানীৰ মাছকেইটামান বৰচাঙত দি থৈছিল,
খুড়ীদেওৱেও মাটিৰ কলহত বৰাচাউলৰ পিঠাকেইটামান সানি থৈছে।
নিজৰ বাৰীৰে পুখুৰীৰ মাছ
খৰিকাত দি গুলপীয়া সাঁজপানীৰ
সোৱাদ লবাহি বন্ধু ।

আহিবা বন্ধু এপাক
মুগা পলু , নুনী পলু , এৰি পলুৰ
সঁচ অকমান থৈছিল আপাদেউৱে,
বিহুটো ভালদৰেই যাব বুজিছা বন্ধু,
বিহুটো ভালদৰেই যাব।

জানানে বন্ধু ?
সাঁজপানী আৰু পলুৰ জুতিয়ে
তোমাক জীৱনৰ সকলো হেঁপাহ
সঞ্জীৱিত কৰি তুলিব।
আহিবা বন্ধু এপাক !!
বৰপুখুৰীত পল বাম,
ভোগালীৰ উৰুকাৰ ভোজটো একেলগে খাম।
গাওঁৰ জীয়ৰী বোৱাৰীহঁতে ৰান্ধিব,
তুমি উপভোগ কৰিবা
ভোগালীৰ ৰমৰমীয়া মাদকতা।

অ’ বন্ধু!
তুমি কেতিয়াবা চুঙা পিঠা, খোলা পিঠা, কাচি পিঠা, তেল পিঠা, হুতুলী পিঠা আৰু কত যে পিঠা
জুতি পিছে লৈছানে কৰবাত ?

সেই যে গোল গোল মুৰিৰ লাড়ু,
তিলৰ লাড়ু, চিৰাৰ লাড়ু, নাৰিকলৰ লাড়ু ,
আৰু আছে পকা মিঠৈ…..
আ… হা…… বন্ধু
এইবোৰৰ বাৰু সোৱাদ লব পাৰিবা।
মাঠো তুমি এপাক আহিবা
মোৰ আমন্ত্ৰণ স্বীকাৰ কৰিবা।

ঘৰৰ কাজলী গাইজনীৰ এসেৰ গাখীৰ,
দৌলৌজান ছাহ বাগিছাৰ সুগন্ধি ছাহপাত,
চুচকি লৈ লৈ শীতৰ পুৱাতি কটাম আহিবা এপাক।

অ’ বন্ধু! তুমি কেতিয়াবা বুঢ়া মেঠাৰ
বৰমেজী দেখিছানে?
আঘোণৰ খেতি উঠায়ে খৰি ফালে ডেকাহঁতে….
সিঁহতৰ উদং পিঠিৰ ঘামৰ গোন্ধত,
অসমীয়াৰ তেজত ৰাগী লাগে,
পাটগাভৰু বোৰৰ হাঁহিৰ খিকিন্দলিত
শিতানৰ সপোনবোৰ সুলকি পৰে
জীয়াই থকাৰ আনন্দত।
এয়েই অসমীয়াৰ পিৰিতি
চাবাহি এপাক আহি !!

সৰু মেজি উৰুকাৰ ৰাতিটো জ্বলে,
বৰ মেজি গোসাঁই সেৱা কৰি
কাচলিত পুৱাতে ৰাইজমিলি পুৰে…
মাহ সিঁচে তিল সিঁচে…
তামোল পানে সেৱা কৰে..
“অগ্নি প্ৰজ্বলিতং বন্দে”
আমাৰ মেজি ভালে কুশলে থাক… অ’ থাক বুলি ৰাইজে হৰিধ্বনি দিয়ে।

জাপ জাপ খৰি জাপি জোঙাল মঠটো সাজি,
কলাফুলৰ ডিলটোৱে মুখনি দি
বন্তি গচি জ্বলাই অ হৰি অ ৰাম,
ৰাইজৰ মিলাপ্ৰীতিৰে এই কাম,
বন্ধু সময় উলিয়াই এপাক আহিবা।

বন্ধু উপভোগ কৰিছানে কেতিয়াবা?
ভেলাঘৰৰ তপত অঙঠাত জীৱনৰ তপত বাস্তৱ!!
অনুভৱ কৰিছানে কেতিয়াবা
পাহি মেলা ফুলৰ কলিটিৰ কোমল স্পৰ্শ !!!
ৰঙা ৰঙা অঙঠাৰ উত্তাপত শুকাই যাব ধৰা,
আনে নেদেখা হৃদয়ৰ চকুপানী ??
আহিবা এপাক বন্ধু আমাৰ গাৱলৈ ।

সেঙেতা সেঙেতা শীতৰ কুহুমীয়া পৰশত
মাটি কুঁৱাৰ পানীত দেহাটো পথালি পাইছানে ?
তাপলি মৰা এৰিচাদৰখনত
দেহাটো টোপোলা বান্ধি থোৱা
মোৰ ককাইহঁতৰ সংক্ৰান্তিৰ
অগ্নিৰ শীতলতাত সকলো ন্যস্ত হৈ পৰে,
এয়ে মোৰ অসমীয়া গাওঁ…
যেতিয়াই সময় পোৱা,
তেতিয়াই আহিবা বন্ধু,
এপাক আহিব কিন্তু দেই।

বৌতিয়ে গোটেই ৰাতি
জুহালত জলপান যুগুতাই,
পিটায়ে মোৱা আলু, কাঠ আলু,
মিঠা আলু পুৰে,
পেহিটিয়ে দেৱতাৰ 🗿 শৰাই খন
আগলি কলাপাতত দিয়ে,
ভনী জনীয়ে গোটা কৰাই, মাহ কৰাই ভাজে,
এয়াই আমাৰ ভোগালী।
তুমিও ভাগ লবাহি,
দুপৰ বেলা মহৰ দৈৰ লগত
বকুল বৰা ধানৰ চিৰা,
ৰাতিলৈ ভাত সাঁজ খাম!
ঔ দিয়া ৰৌমাছ, কাঠআলুৰ মাটিমাহ,
মোমাই ধানৰ তেলীয়া ভাত
লগতে মোৰ পিতায়ে কৰা বাৰীৰ পাচলি,
আহিবলৈ নাপাহৰিবা দেই বন্ধু
আমাৰ সেউজীয়া গাঁও খনলৈ।

তুমি জানেনে বন্ধু এই আমাৰ সেউজীয়া গাঁওখন,
ভোগেই ভোগালী অসমীয়াৰ গাওঁ,
অসমীয়াৰ চোতালত ৰঙে ৰসে ভৰপুৰ..
মাঘৰ বিহু বছৰে বছৰে আহে আৰু যায়,
অসমীয়াৰ পৰম্পৰা নাযায় নুপুৱাই,
নজহা নপমা নিভাঁজ সুৰ..
এয়ে আমাৰ অসমীয়াৰ মান।

আহিবা এপাক..
অ’ মোৰ বিদেশী বন্ধু…..
মোৰ সেউজীয়া গাওঁখনলৈ
ভোগালীৰ ভোগ কৰিবলৈ ।।

দৈয়াং পৰীয়া ছোৱালী
গোলাঘাট – বৰপথাৰ