ভেকচিন নল’লে চৰকাৰী কর্মচাৰীয়ে নাপাব জুন মাহৰ দৰমহা

pc Johns Hopkins Medicine

ভেকচিন নল’লে চৰকাৰী কর্মচাৰীয়ে নাপাব জুন মাহৰ দৰমহা

অনলাইন বার্তাসেৱা: ৰাজ্যিক কর্মচাৰীসকলক ক’ভিডৰ ভেকচিন লোৱাটো নিশ্চিত কৰিবলৈ নির্দেশ দিছে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই৷ মুখ্য সচিব বৰুৱাই এক নির্দেশযোগে কয় যে ৰাজ্যখনত বর্তমান ক’ভিড আক্রান্ত আৰু পজিটিভিটীৰ হাৰ কিছু জিলাত নিম্নগামী হৈছে যদিও সামগ্রিকভাৱে ৰাজ্যৰ ক’ভিড পৰিস্থিতি উদ্বেগজনক হৈ আছে৷ ৰাজ্যত ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে এতিয়াও যথেষ্ট পদক্ষেপ গ্রহণ কৰিবলগীয়া অৱস্থাত আছে৷ সাম্প্রতিক অৱস্থাত বহু চৰকাৰী চাকৰিয়ালৰ লগতে ঠিকাভিত্তিক আৰু ফিক্সড পে’ত কাম কৰা কর্মচাৰীয়ে ক’ভিডৰ ভেকচিন নোলোৱাটো পৰিলক্ষিত হৈছে৷ স্বাস্থ্য বিভাগে ইতিমধ্যে ব্যাপক হাৰত ভেকচিন প্রদানৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত চৰকাৰী কর্মচাৰীসকলক মুখ্য সচিব বৰুৱাই ভেকচিন ল’বলৈ নির্দেশ দিয়ে৷ ভেকচিন নল’লে চৰকাৰী কর্মচাৰীয়ে জুন মাহৰ দৰমহা ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হব লগাত পৰিব পাৰে।