ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন

ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন

ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত টেট শিক্ষক ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন।ভিক্টৰ দাসক তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ নিলম্বনৰ সিদ্ধান্ত শিক্ষা বিভাগৰ৷জিলা প্রাথমিক শিক্ষা বিষয়াই নিলম্বন কৰিলে ভিক্টৰ দাসক।প্ৰধান শিক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ বিভাগৰ৷ ভিক্টৰ দাসে ২০২১ চনৰ পৰা কমলপুৰৰ পূব পানীটেমা ৰাধাকৃষ্ণ যুগল মিলন প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে চাকৰি কৰি আছিল৷এই বিদ্যালয়ত যোগ দিয়াৰ পূৰ্বে তেওঁ মালিগাঁৱৰ আন এখন বিদ্যালয়ত কৰ্মৰত আছিল৷আনহাতে চৰকাৰী চাকৰি কৰাৰ উপৰি ভিক্টৰ দাসে চলাইছিল ক’চিং চেণ্টাৰ। ২৬ হাজাৰ নিযুক্তিত কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ।৭ দিনৰ আৰক্ষী জিম্মাত থকাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছিল ভিক্টৰৰ অন্তৰ্ৱৰ্তীকালীন জামিন।