ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসক হত্যা কৰিছিল ড্ৰাগছ মাফিয়াই

ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসক হত্যা কৰিছিল ড্ৰাগছ মাফিয়াই

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিমা হাছাও জিলাৰ লাইছং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসৰ মৃত্যুৰ ঘটনাই এতিয়া নতুন মোৰ লৈছে। জানিব পৰা মতে, ১৪ আগষ্টৰ নিশা কৰ্তব্যৰত অৱস্থাত নাকাচেকিঙৰ ওচৰত এখন চাৰিচকীয়া বাহনে আৰক্ষী বিষয়াজনক খুন্দা মৰাৰ ফলত এই শোকাৱহ ঘটনা সংঘটিত হয়। এক সূত্রই জনোৱা মতে, শিলচৰৰ পৰা নগাঁৱলৈ ড্রাগ মাফিয়া চেলিমে তেওঁৰ সহযোগী লেংৰাৰ সৈতে এখন দুচকীয়া বাহনত ড্রাগছ আনিছিল। লাইছং আৰক্ষী চকীৰ নাকাচেকিং দেখি চেলিম আৰু তেওঁৰ সহযোগীজন দুচকীয়া বাহনখন ঘূৰাই পুনৰ শিলচৰৰ দিশে উভতি যায়। আৰক্ষীয়ে তেওঁলোকক পিছে পিছে খেদি যায় যদিও এখন পাহাৰৰ নামনিত তেওঁলোকে বাহনখন ৰখাই পলাই যায়। আৰক্ষীয়ে বাহনখন জব্দ কৰি আৰক্ষী চকীলৈ লৈ আহে। এই খবৰ পাই চেলিমৰ ভাতৃ মহিদুল ইছলাম, সহযোগী মফাজুল ইছলাম আৰু পিংকী ওৰফে ৰুকছানা খাতুনে এ এছ-০২ এ জে-৪৩৩৫ নম্বৰৰ কিয়া বাহনখনেৰে লাইছং আৰক্ষী চকী অভিমুখে সেইদিনাই যাত্ৰা কৰে। ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত এই দলটোৱে নিশাই বাহনখনেৰে আৰক্ষী বিষয়াজনক প্রচণ্ড জোৰে খুন্দিয়াই হত্যা কৰে। আৰক্ষী বিষয়াজনক খুন্দা মৰাৰ পিছত বাহনখন নগাঁৱৰ দিশলৈ ১০ কিলোমিটাৰ অহাৰ পিছত বাহনখন এৰি তেওঁলোকে পলায়ন কৰে। সেইদিনাই চেলিমৰ পিতৃ আব্দুল কুদ্দুছ ফৰাজীয়ে জুৰীয়া থানাত উল্লিখিত বাহনখন চুৰি হোৱা বুলি এজাহাৰ দাখিল কৰিছিল। পিছত ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ অহাত জুৰীয়া আৰু ডিমা হাছাও আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলায়। জুৰীয়া আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা কুখ্যাত মাফিয়া চেলিম, তেওঁৰ পিতৃ আব্দুল কুদ্দুছ ফৰাজী, ভাতৃ মহিদুল ইছলাম, সহযোগী মফাজুল, ৰুকছানাক গ্ৰেপ্তাৰ কৰি ডিমা হাছাও আৰক্ষীক চমজাই দিছে। ড্ৰাগছৰ ক’লা ব্যৱসায়ৰ জৰিয়তে নগাঁও জিলাত ত্ৰাসৰ সৃষ্টি কৰি আহিছে এই দলটোৱে। আৰক্ষীৰ চকুত ধুলি দি ড্ৰাগছৰ কাৰবাৰ চলাই অহা এই কুখ্যাত চক্রটোৱে আৰক্ষীৰ অভিযানৰ পৰা বাচিবলৈকে এই ভয়ংকৰ ঘটনা সংঘটিত কৰিছে বুলি সন্দেহ প্রকাশ কৰা হৈছে।  উল্লেখ্য যে জুৰীয়াৰ চেলিমক আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত ইতিপূর্বে ৭বাৰ গ্ৰেপ্তাৰ কৰি জে’ললৈ পঠিয়াইছিল। জে’লৰ পৰা ওলাই আহি চেলিমে পুনৰ ড্ৰাগছৰ ব্যৱসায়ত নামি পৰে। চেলিমৰ বিৰুদ্ধে থানাত প্রায় ২০টা গোচৰ ৰুজু হৈ আছে।